/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f71cfc73-97dc-45eb-b9e0-6ba1facd5674/download.jpg)
drugs peddler
অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
আজি পুনৰ মহানগৰীৰ যোৰাবাটত আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান।
যোৰাবাট আৰক্ষীয়ে ১৪ মাইলৰ পৰা জব্দ কৰিলে ৩০ গ্রাম হেৰ’ইন।
মেঘালয়ৰ নংপুৰ পৰা ১৪ মাইলত বিক্রী কৰিবলৈ আনিছিল জব্দকৃত ড্ৰাগছখিনি।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দকৃত হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য প্রায় ২ লাখ টকা।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এজনক।
গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম নিৰ্মল দাস।
নিৰ্মল দাসৰ পৰা জব্দ AS-01-FE-6731 নম্বৰৰ এখন স্কুটীও জব্দ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us