/asomiyapratidin/media/media_files/2025/06/26/chatia-26-2025-06-26-18-42-40.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত আৰক্ষীয়ে আজি এক অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৭৯.৭৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰিছে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আব্দুল লটিফ। জানিব পৰা মতে আব্দুলে এটা চাবোনৰ কেচত ভৰাই এই ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।
চতিয়া আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে ২ নং ইটাখোলাৰ পৰা আব্দুল লটিফক প্ৰথমে আটক কৰি পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us