কচুৱা আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক...

ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান অব্যাহত আছে। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
কচুৱা আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক...

ডিজিটেল সংবাদ কামপুৰঃ ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান অব্যাহত আছে। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কচুৱা থানাৰ অন্তৰ্গত উজানমাৰীৰ আব্দুল খালেক বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহী আব্দুল খালেকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে সন্দেহযুক্ত হেৰ’ইন। 

জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ পিছতে অধিক তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। 

ড্ৰাগছ সৰবৰাহ কচুৱা