বকোত পৰিমানৰ হেৰই'ন সহ দুজনক গ্ৰেপ্তাৰ

বকোৰ আগছিয়াত ড্ৰাগছৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে এক অভিযান চলাই এখন HYUNDAI I

author-image
Asomiya Pratidin
New Update
বকোত পৰিমানৰ হেৰই'ন সহ দুজনক গ্ৰেপ্তাৰ

boko arrested

ডিজিটেল সংবাদ,ছমৰীয়া:-বকোৰ আগছিয়াত ড্ৰাগছৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান।এক গোপন খবৰ ভিত্তিত বকো আৰক্ষীয়ে এক অভিযান চলাই এখন HYUNDAI I 10 ৰ পৰা বহু পৰিমাণৰ হেৰ'ইন জব্দ কৰে। জব্দ হেৰ'ইন খিনিৰ পৰিমাণ প্ৰায় ৩৯.১৫ গ্ৰাম।

Advertisment

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী বাহাৰ আলী আৰু বাহন খনৰ চালক ছফিকুল ইছলামক।বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ গোপন খৱৰৰ ভিত্তিত বকো আৰক্ষীৰ উপ-পৰিদৰ্শক জুলি দাসে অভিযান চলাই জব্দ কৰে হেৰই'ন খিনি।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় লক্ষ্যাধিক টকা হ'ব বুলি জানিব পৰা গৈছে।হেৰই'ন সৰবৰাহ কৰা বাহন খনৰ নম্বৰ AS01 EL 0940। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী বাহাৰ আলীৰ ঘৰ বকোৰ আৰিকাটীত আৰু চালক জনৰ ঘৰ ছয়গাওঁৰ গৰৈমাৰীত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোক দুজনক অধিক তথ্য সোধ পোছৰ বাবে বকো আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

assam arrested BOKO Assam police