/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7bdca653-3cc5-4460-97a5-257da8ad5c2a/silchar.jpg)
silchar
ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শনিবাৰে শিলচৰতো আৰক্ষীয়ে জব্দ কৰিছে ৫০ গ্ৰাম ব্ৰাউন চুগাৰ ৷ ৰাংগিৰখাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত বৰুৱাৰ নেতৃত্বত শিলচৰ সদৰ থানা আৰু ৰাংগিৰখাৰীৰ আৰক্ষীয়ে নাগাটিলাত অভিযান চলাই এখন স্কুটিৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ খিনি৷
সোনাবাৰী ঘাটৰ পৰা শিলচৰত বিক্ৰী কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে স্কুটি খনৰ পৰা জব্দ কৰে এটি ব্ৰাউন চুগাৰ ভৰ্তি পেকেট৷ পেকেটটোৰ পৰা ৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয়৷
ড্ৰাগছ সৰবৰৰাহৰ অভিযোগত মধুৰবন্দৰ ৰিপন মজুমদাৰ আৰু পাৰভেজ আহমেদ নামৰ দুজন সৰবৰাহৰীক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁলোকৰ পৰা দুটা মোবাইল ফোন নগদ ১৫ হাজাৰ ৯০ টকা আৰু স্কুটিখন জব্দ কৰা হয়৷