মালিবাৰীত ড্ৰাগচসহ এজনক আটক...

মালিবাৰীত ড্ৰাগচসহ এজনক আটক...

author-image
Asomiya Pratidin
New Update
মালিবাৰীত ড্ৰাগচসহ এজনক আটক...

মালিবাৰীত ড্ৰাগচসহ এজনক আটক...

ডিজিটেল সংবাদ দুমুনিচকীঃ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মালিবাৰীৰ দক্ষিণ চুবুৰিত এজন যুৱকক ড্ৰাগছৰ কন্টেইনাৰসহ জব্দ কৰি স্থানীয় লোকে বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকজনৰ নাম হৃদয় নাথ (২৩) ।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মালাবাৰী গাঁৱৰ দক্ষীণ চুবুৰী নিবাসী হৃদয় নাথে পূৰ্বৰে পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছে। যোৱা নিশা হৃদয়ে ঘৰলৈ ড্ৰাগছৰ কন্টেইনাৰ অনা বুলি ককায়েকে জানিব পাৰে।

ফলত দিনৰ ভাগত ককায়েকে চুবুৰীটোৰ একাংশ স্থানীয় লোকক বিষয় সম্পৰ্কে অবগত কৰে। দিন হাজিৰা কৰা হৃদয়ৰ পৰা স্থানীয় লোকে বিষয় সম্পৰ্কে জানিব বিচৰাৰ লগতে দিনৰ ভাগত হৃদয়ৰ পৰা এটা ড্ৰাগছ থকা কন্টেইনাৰ উদ্ধাৰ কৰে।

ইফালে মাকেও এটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ নোহোৱা কৰা বুলি ক্ষোভ প্ৰকাশ কৰি হৃদয়ে ঘৰৰ আজবাব লণ্ড ভণ্ড কৰে। যাৰ বাবে স্থানীয় লোকে বিয়লি বাইহাটা চাৰিআলি আৰক্ষীক খবৰ কৰি ড্ৰাগচৰ ব্যৱসায়ৰ সৈতে জড়িত হৃদয় নাথক আৰক্ষীক গতাই দিয়ে।

Also Read: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত আছুৰ বিক্ষোভ...

অপৰাধ অসম আৰক্ষী