শিলচৰ আৰক্ষীৰ দুটা পৃথক অভিযানত জব্দ ড্ৰাগছ, গাঞ্জা

নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। লক্ষীপুৰৰ কাকমাৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ  পাছত এইবাৰ  আন এক অভিযানত ৩৮ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।  

author-image
Asomiya Pratidin
New Update
৩০ কোটি ৩০ লাখ টকাৰ ড্ৰাগছ জব্দ

৩০ কোটি ৩০ লাখ টকাৰ ড্ৰাগছ জব্দ

ডিজিটেল সংবাদ, শিলচৰ:  নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। লক্ষীপুৰৰ কাকমাৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা ৯৮ হাজাৰ য়াবা টেবলেট আৰু ১১৫ গ্ৰাম হেৰ'ইনসহ নগদ ৩ লাখ ৫০ হাজাৰ টকা উদ্ধাৰ কৰাৰ  পাছত এইবাৰ  আন এক অভিযানত ৩৮ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।  দুয়ো স্থানৰ পৰা জব্দ কৰা ড্ৰাগছ আৰু গাঞ্জাৰ মুল্য  প্ৰায় ৩০ কোটি ৩০ লাখ টকা । ইফালে, ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, প্ৰথমে লক্ষীপুৰ থানা এলেকাৰ কাকমাৰাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল ৰেজ্জাকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ৯৮ হাজাৰ নিচাজাতীয় য়াবা টেবলেট আৰু ১০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১১৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। লগতে নগদ ৩ লাখ ৫০ হাজাৰ টকাও আব্দুল ৰেজ্জাকৰ ঘৰৰ পৰা জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা 
টেবলেট আৰু হেৰ'ইন খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ৩০ কোটি বুলি সদৰী কৰিছে আৰক্ষীয়ে।  ড্ৰাগছ খিনি চুবুৰীয়া ৰাজ্য মনিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল। ড্ৰাগছ মজুত কৰাৰ অভিযোগত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আব্দুল ৰেজ্জাকক গ্ৰেপ্তাৰ কৰে।

আনহাতে, শিলচৰৰ উত্তৰ কৃষ্ণপুৰ দ্বিতীয় খণ্ডত চলোৱা আন এক অভিযানত 
আৰক্ষীয়ে এখন ই- ৰিক্সাৰ পৰা বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে।  গাঞ্জা খিনি ৩৬ টা পেকেটত লুকুৱাই অনা  হৈছিল । এই ৩৬ টা পেকেটৰ পৰা মুঠ ৩৮ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।  জব্দ কৰা গাঞ্জা খিনিৰ মুল্য প্ৰায় ৩০ লাখ টকা ।
গাঞ্জা খিনি মিজোৰামৰ কলাছীবৰ পৰা সৰবৰাহ কৰা হৈছিল। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে সোণাই ডুংগ্ৰিপাৰৰ জামৰুল হক লস্কৰ, 
নজৰুল ইছলাম লস্কৰ আৰু আমজাদ হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰিছে। 

drugs ganja peddler Silchar drugs seized drugs paddler ganja silchar drugs ganja seized