/asomiyapratidin/media/media_files/2024/12/30/msf2NjC2PBnENkLFRFzU.jpg)
মনমোহন সিঙ Photograph: (মনমোহন সিঙ)
ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক ২০১৩চনতে ভাৰত ৰত্ন প্ৰদানৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। কিন্তু বিভিন্ন কাৰনত সেয়া হৈ নুঠিলগৈ।- শেহতীয়াকৈ এই তথ্য পোহৰলৈ আনিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কন্যা শমিষ্ঠা মুখাৰ্জীয়ে।
এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰিছে শমিষ্ঠা মুখাৰ্জীয়ে। দৰাচলতে মনমোহন সিঙৰ সমাধিক্ষেত্ৰক লৈ হোৱা বিৰ্তকত অংশ লৈ শমিষ্ঠা মুখাৰ্জীয়ে আক্ষেপেৰে কয় যে, প্ৰয়াত মনমোহন সিং ডাঙৰীয়াৰ বাবে কেৱল সমাধিক্ষেত্ৰ নহয়, ভাৰত ৰত্নৰো যোগ্য আছিল। ২০১৩চনত মোৰ দেউতা প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ভাৰত ৰত্নও প্ৰদান কৰিব বিচাৰিছিল। কিন্তু আমাৰ দুখ থাকি গল যে, আমাৰ দেউতা মৃত্যুৰ সময়ত কংগ্ৰেছে দেউতাক উচিত সন্মান প্ৰদৰ্শন নকৰিলে।
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী কন্যা শমিষ্ঠাই কংগ্ৰেছৰ নেতৃত্বক কটাক্ষ কৰি কয় যে, দেউতাৰ মৃত্যুৰ পাছত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হোৱা নাছিল। মোৰ দেউতাৰ ৫বছৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ৪৫বছৰ কংগ্ৰেছ কৰিছিল। ৩০বছৰ কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য আছিল। কিন্তু দুখৰ বিষয় যে, দেউতাৰ মৃ্ত্যুৰ পাছত কংগ্ৰেছৰ ৱৰ্কিং কমিটিয়ে দেউতাক লৈ এটা শোক প্ৰস্তাৱো গ্ৰহণ নকৰিলে।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মাটি আৱন্টন নিদিয়াৰ পাছতে এক বিৰ্তকৰ সূত্ৰপাত হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হৈ জে পি নড্ডাই শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে, প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ স্মৃতিসৌধৰ বাবে ভূমি আৱন্টন কৰিছে কেন্দ্ৰই। কংগ্ৰেছে এই বিষয়ক লৈ সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us