/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jharkhand.jpg)
ডিজিটেল ডেস্ক : যি সময়ত দেশৰ বিভিন্ন ৰাজ্যক বানে জুৰুলা কৰি গৈছে সেই সময়তে ঝাৰখণ্ড খৰাঙত আক্ৰান্ত । ২০২২ চনত দেশৰ আন প্ৰান্তৰ লগতে ঝাৰখণ্ডতো হ্ৰাস পাইছে বৰষুণ প্ৰায় ৫১ শতাংশ । যাৰ বাবে কৃষিপ্ৰধান দেশ ভাৰতৰ ঝাৰখণ্ডত এইবেলি ১০ শতাংশতকৈও কম হৈছে খেতি । ঝাৰখণ্ডৰ কৃষকৰ এই বিড়ম্বনালৈ কোনো কাণসাৰ নাই ৰাজ্যখনৰ চৰকাৰৰ স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূতিৰ বাবে দেশত উলহ-মালহেৰে উদযাপন কৰিবলৈ ওলোৱা "স্বাধীনতাৰ অমৃত মহোৎসৱে" কোনো পধ্যেই চুই যাব পৰা নাই ঝাৰখণ্ডৰ কৃষকসকলক । উল্লেখ্য যে, অহা পাঁচদিনৰ ভিতৰত যদি কৃষকসকলে খেতি পথাৰ চহাব নোৱাৰে তেন্তে তেওঁলোক এক বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব বুলি জনায় ঝাৰখণ্ড কৃষি বিজ্ঞান কেন্দ্ৰই ঝাৰখণ্ডে ইয়াৰ পূৰ্বেও ২০১৩, ২০১৮ আৰু ২০১৯ চনত খৰাঙৰ সন্মুখীন হৈছিল যদিও ২০২২ চনৰ খৰাঙে সকলোতকৈ বেছি ক্ষতি কৰিছে ৰাজ্যখনৰ । কৃষি বিজ্ঞান কেন্দ্ৰৰ ঘোষণাৰ পাছতহে ৰাজ্যখনৰ কৃষিমন্ত্ৰী বাদল পত্ৰলেখে ১১ আগষ্টত জৰু্ৰী বৈথকৰ জৰিয়তে চৰকাৰী বিষয়াসকলক পৰিস্হিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে ।
আৰু পঢ়ক : অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী…