নৃত্যাচাৰ্য, পদ্মভূষণ যতীন গোস্বামীক 'দ্ৰোণ ভাগৱতী সোৱঁৰণী শিল্পী বঁটা' প্ৰদান

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা। বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন সাংসদ অৰুণ শৰ্মা, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী

author-image
Asomiya Pratidin
New Update
new ap web 2 (7)

ডিজিটেল ডেস্কঃ বহু বিশিষ্ট লোকৰ উপস্থিতিৰে জীপাল হৈ পৰিল গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহ। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতী সোৱঁৰণী শিল্পী বঁটা প্ৰদান কৰা হয় নৃত্যাচাৰ্য, পদ্মভূষণ যতীন গোস্বামীক। উল্লেখ কৰা প্ৰয়োজন যে, দ্ৰোণ ভাগৱতী পাৰুল ভাগৱতী স্মৃতি ন্যাসে প্ৰথমবাৰৰ বাবে প্ৰদান কৰে এই বিশেষ বটাঁটি।

Advertisment

dddd

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা। বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন সাংসদ অৰুণ শৰ্মা, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকা উপস্থিত থাকে এই অনুষ্ঠানটোত।

দ্ৰোণ ভাগৱতী আৰু পাৰুল ভাগৱতীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পাছতে জুলি সন্দিকৈৰ বৰগীতেৰে আৰম্ভ হয় অনুষ্ঠানটো। জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়ায় দ্ৰোণ ভাগৱতী পাৰুল ভাগৱতী স্মৃতি ন্যাসৰ ন্যাসৰক্ষী হেমন্ত ভাগৱতীয়ে।

ujuj

অনুষ্ঠানটোত বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতীৰ সান্নিধ্য আৰু ব্যক্তিত্বৰ বিষয়ে হেমন্ত ভাগৱতীৰ লগতে কেইবাজনো আত্মীয় স্বজনে বক্তব্য ৰাখে। বঁটা গ্ৰহণ কৰাৰ পাছতে নৃত্যাচাৰ্য, পদ্মভূষণ যতীন গোস্বামীয়ে উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দ্ৰোণ ভাগৱতীৰ সৈতে কটোৱা সময় আৰু কামৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰে। 

সত্ৰীয়া সাহিত্য-সংস্কৃতিলৈ দ্ৰোণ ভাগৱতীৰ যি অৱদান তাক পৰৱৰ্তী প্ৰজন্মই মৰ্মে মৰ্মে উপলদ্ধি কৰিব বুলিও মত ব্যক্ত কৰে যতীন গোস্বামীয়ে। আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই দ্ৰোণ ভাগৱতী আৰু তেওঁৰ পিতৃৰ সৈতে থকা আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰে।

ujhuj

বৰুৱাই লগতে কয় যে, স্বনামধন্য বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতীদেৱৰ স্মৃতিত পৰিয়ালে গ্ৰহণ কৰা এই প্ৰয়াস সচাঁকৈয়ে প্ৰশংসনীয়। সত্ৰীয়া সংস্কৃতিলৈ তেওঁৰ অৱদানৰ কথা আমি সদায়েই উপলদ্ধি কৰো। এগৰাকী গৌৰৱী পিতৃৰ নামৰ পুত্ৰই এনেদৰে বটাঁ প্ৰদান কৰাতো সৌভাগ্যৰ কথা। আমি বৈষ্ণৱ সাধকগৰাকীক এনেকৈয়ে জীয়াই ৰাখিব লাগিব।

সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে দ্ৰোণ ভাগৱতীৰ ব্যক্তিত্বক লৈ সাৱলীল বক্তব্য দাঙি ধৰে। দ্ৰোণ ভাগৱতীৰ স্মৃতিত যতীন গোস্বামীক বটাঁ প্ৰদান কৰা সিদ্ধান্তটো অতিকৈ সঠিক হৈছে বুলি তেওঁ উল্লেখ কৰে। লগতে সত্ৰীয়া সংস্কৃতিক লৈ যতীন গোস্বামীৰ জৰিয়তে ভূপেন হাজৰিকাই কিদৰে কাৰ্যপন্থা গ্ৰহণ কৰিছিল সেই কথাও দোহাঁৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকাই মাজুলীৰ সমাজ সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু সত্ৰীয়া, সংস্কৃতি তথা কৃষ্ণ দৰ্শনৰ ওপৰত দ্ৰোণ ভাগৱতী অপাৰ জ্ঞানৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে।  উক্ত অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে দ্ৰোণ ভাগৱতীৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।

dddd

উল্লেখ কৰাৰ প্ৰয়োজন যে, ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভাগৱতীৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৭ ডিচেম্বৰত গড়মূৰ সত্ৰত। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় লোকনাথ গোস্বামী আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া গোলাপী দেৱী। গড়মূৰতে প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি মাজুলী কমলাবাৰী হেমচন্দ্ৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ দেউনা উত্তীৰ্ণ হৈ তেওঁ যোৰহাটৰ জে বি কলেজ আৰু মাজুলী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কলকাতাৰ বিশ্ব ভাৰতী বিশ্ব বিদ্যালয়ৰ পৰা গ্ৰামীণ উচ্চ শিক্ষাৰ স্নাতক ভাগৱতীয়ে ১৯৫৪ চনত গ্ৰাম সেৱক পদত যোগদান কৰে।

সমুহীয়া উন্নয়ন যোজনাৰ অধীনত উন্নয়নমূলক কামৰ প্ৰতিযোগিতাত ১৯৬০ চনত ৰাজ্যৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰা ভাগৱতীয়ে ১৯৭৪ ৰ পৰা ১৯৭৯ চনলৈকে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল। ১৯৮৪ চনত খণ্ড উন্নয়ন পদলৈ পদোন্নতি পোৱা ভাগৱতীয়ে ১৯৮৫ ৰ পৰা ১৯৯২ চনলৈকে ভাৰপ্ৰাপ্ত জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া হিচাপে কাম কৰিছিল।

dddd

সত্ৰীয়া সংস্কৃতিৰ লগতে সামাজিক কামৰ লগত জড়িত ভাগৱতীৰ মাজুলী প্ৰসংগত ভাৰত চৰকাৰৰ পত্নতত্ত্ব জৰীপ বিভাগে সমল ব্যক্তি ৰূপেও নিৰ্বাচিত কৰিছিল। ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা ২০১৪ চনত লাভ কৰা ভাগৱতীক ২০১৬ চনত মাজুলী শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘই চিৰ সেউজ উপাধী প্ৰদান কৰিছিল।

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ভাগৱতী আছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নৈশ শাখাৰ সাংস্কৃতিক সম্পাদক। মাজুলী মহাবিদ্যালয়ত প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক ভাগৱতী অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। ভাৰত-ৰুছ সাংস্কৃতিক সমন্বয় সমিতিৰ মাজুলী শাখাৰ সম্পাদক তথা অবিভক্ত শিৱসাগৰ জিলাৰ সাহিত্য পৰিষদৰো তেওঁ আছিল উপ-সভাপতি।

ddddddddd

কেশৱ ৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিকে ধৰি নৱোদয় ব্ৰহ্ম বিদ্যা গুৱাহাটীৰ সভাপতি, অসম ব্ৰহ্ম বিদ্যা সমাজৰ ৰাজ্যিক প্ৰবক্তা, পিতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন কমিটীৰ সভাপতিকে ধৰি বহু অনুষ্ঠানৰ সৈতে তেওঁ জড়িত আছিল।

সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ভাগৱতীয় তাণ্ডৱ আৰু দশৱতাৰ নৃত্যৰো সাধনা কৰিছিল। বিভিন্ন নাটকত কংশ, নাৰদ, দুৰ্যোধন, উজ্জান দৈত্য, শিৱ নৰকাসুৰ , ৰাৱণ, তিপু চুলতান, পৃথীৰাজ, মণিৰাম দেৱান, ৰাণাপ্ৰতাপ সিংহ আদি চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।

তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্প্ৰিতী, শিলসাঁকো, সত্যৰ সন্ধান, মোৰ জীৱন পৰিক্ৰমা আদি উল্লেখযোগ্য। ৫০ ৰো অধিক তত্ত্বগধূৰ প্ৰবন্ধ লিখা ভাগৱতীক জীৱিত কালত বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাইছিল।

 

গুৱাহাটী প্ৰেছ ক্লাৱ