/asomiyapratidin/media/media_files/2025/01/02/3K9X2yIqBfWUCSRUfqeZ.jpg)
ডিজিটেল সংবাদ,ঢেকিয়াজুলিঃ বছৰটোৰ দ্বিতীয় দিনটোতেই ঢেকিয়াজুলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গাড়ীসহ জ্বলি ছাঁই হয় এজন লোক৷
ভোটপাৰা দলঙৰ ওপৰত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত মাৰুটি এল্টো গাড়ীখনৰ সন্মুখভাগ চূৰ্ণাকৃত হৈ পৰাৰ লগতে গাড়ীখন ভয়ংকৰ জুয়ে আগুৰি ধৰে। অতি ভয়ংকৰ তথা কৰুণ দুৰ্ঘটনাটোত অগ্নিদ্বদ্ধ হৈ নিহত হয় এজন লোক ।
গাড়ীৰ নম্বৰপ্লেট সম্পূৰ্ণৰূপে জ্বলি যোৱাত গাড়ীৰ গৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ গাড়ীৰ ভিতৰত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰো আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ যিটো চিলিণ্ডাৰ সৌভাগ্যক্ৰমে বিষ্ফোৰিত নহ’ল ৷
ঢেকিয়াজুলিৰ অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰে । আৰক্ষীয়ে মৃত ব্যক্তিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে TMCHলৈ প্ৰেৰণ কৰিছে ৷ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও দুৰ্ঘটনাটো ৰহস্যজনক বুলি বহুতৰে মাজত চৰ্চিত হৈছে। নিহত লোকজন ঢেকিয়াজুলিৰ বালিজানৰ চন্দন ছেত্ৰী ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us