/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/mmmm.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : "স্মাৰ্ট ৱটৰ" বুলি "স্কাৰ্ফি ৱাটাৰ"ৰ মুকলি বেহা মেলি প্ৰবল চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এটা বিশুদ্ধ খোৱা পানী কোম্পানী । মূলতঃ বিষয়টো চৰ্চালৈ আহিছে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি মাতি আনি " স্মাৰ্ট ৱটৰ" নামৰ এটা বিশুদ্ধ (?) খোৱা পানীৰ কোম্পানীয়ে চলোৱা দূষিত পানীৰ মুকলি বেহাকলৈ ।
ঢকুৱাখনা মহকুমাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত লখিমপুৰ জিলাৰ টাউন বানতৌ প্ৰচেছিং ইউনিতৰ পৰা যোগান ধৰি আহিছে এই পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানীটোৱে । সেই অনুক্ৰমে কোম্পানীটোৱে ঢকুৱাখনা মহকুমাৰ মৰনৈ বেবেজিয়া অঞ্চলৰ বেবেজিয়া চাৰিআলিতো এই স্মাৰ্ট ৱটৰ (ৱাটাৰ নহয়) বিক্ৰী কৰি আহিছে খুচুৰা বিক্রেতাৰ জৰিয়তে।
কিন্তু বুধবাৰে এই তথাকথিত বিশুদ্ধ"স্মাৰ্ট ৱটৰ"ৰ বটলত উদ্ধাৰ হল গেদ সদৃশ কিছু অখাদ্য দ্ৰব্য । বেবেজিয়া চাৰিআলিৰ এগৰাকী স্বাস্থ্য সচেতন ব্যৱসায়ী বিপ্লৱ চুতীয়াই বুধবাৰে পুৱা চিৰাচৰিত ভাবে সমীপৰ এখন দোকানৰ পৰা এই স্মাৰ্ট ৱটৰৰ এক লিটাৰ বটল ক্ৰয় কৰি পান কৰোতেই পানীত দৃশ্যমান হয় কলা আৰু ধোঁৱা বৰণৰ অগণন গেদ । লগে লগেই বিক্রেতা দীপ্তি নাথক অভিযোগ দি অন্য এটা বটল ক্ৰয় কৰি নিৰীক্ষণ কৰোতে পুনৰ এনে ভয়ংকৰ অস্বাস্থ্যকৰ দ্ৰব পৰিলক্ষিত হয় ।
যুৱ ব্যৱসায়ী চুতীয়াই বিষয়টো "অসমীয়া প্ৰতিদিন ডিজিটেল"ক অৱগত কৰে । পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ পৰিদর্শন কালত চীল হৈ থকা দুটা পানীৰ বটলত এনে বোকা সদৃশ পানী আৰু কিছু সামগ্ৰী ওপঙি থকা পৰিলক্ষিত হয় আৰু বটল দুটা সাংবাদিকে সংগ্ৰহ কৰি নমুনা হিচাবে সংৰক্ষণ কৰে। বিশুদ্ধ খোৱা পানীৰ নামত দূষিত অস্বাস্থ্যকৰ পানী বিক্ৰী কৰি মুনাফা লভি অহা এই তথাকথিত 'স্মাৰ্ট ৱটৰ"ৰ জনস্বাস্থ্য বিৰোধী নিকৃষ্ট বেহা পোহৰলৈ অনা যুৱ ব্যৱসায়ী চুতীয়াই জনোৱা মতে বিগত বছৰ ধৰি এনে দৰেই লক্ষ্য নকৰাকৈ তথাকথিত বিশুদ্ধ পানী ক্ৰয় কৰি পান কৰি অহা বাবেই তেওঁ "কিডনী স্তন"ৰ ৰোগটো আক্ৰান্ত হব লগীয়া হৈছে।
তাৰোপৰি সমীপৰ অন্য এগৰাকী যুৱকেও কিছু দিন পূৰ্বে এই ব্ৰেণ্ডৰ পানীৰ বটলত অখাদ্য , দ্ৰব্য উদ্ধাৰ কৰি বিষয়টো বিক্রেতাক অৱগত কৰিছিল। জনা মতে ঢকুৱাখনাৰ এটা বিতৰক গোষ্ঠীয়ে এই বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ সদৃশ দূষিত পানীৰ যোগান ধৰি আহিছে। প্ৰশ্ন হৈছে বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকৰ জীৱনকলৈ নিকৃষ্ট হেতালি খেলি দূষিত পানী খুৱাই লুণ্ঠনৰ জাল মেলিবলৈ কত অধিকাৰ পালে এইটো তথাকথিত বণিয়া প্ৰতিষ্ঠানে ? স্বাস্থ্য সন্মত বিশুদ্ধ পানী গ্ৰাহকক যোগানৰ নামত বিষাক্ত পানী যোগান ধৰি জনস্বাস্থ্যকলৈ নিৰ্লজ হেতালি খেলা এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ , মহকুমা প্ৰশাসন আৰু খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
আৰু পঢ়ক: ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত চপাইত বাগৰুম্বা নৃত্য কৰ্মশালা সামৰণি…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us