"ড্ৰীম ডাঞ্চ এণ্ড কালচাৰ একাডেমী"ৰ উদ্যোগত অনুষ্ঠিত নৃত্য কৰ্মশালাৰ সামৰণি

নৃত্যশিল্পী জ্যোতি প্ৰসাদ বৰুৱাৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা "ড্ৰীম ডাঞ্চ এণ্ড কালচাৰ একাডেমী" ৰ উদ্যোগত অনুষ্ঠিত নৃত্য কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

author-image
Tushar Pratim
New Update
"ড্ৰীম ডাঞ্চ এণ্ড কালচাৰ একাডেমী"ৰ উদ্যোগত অনুষ্ঠিত নৃত্য কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং অঞ্চলৰ জনপ্ৰিয় নৃত্যশিল্পী জ্যোতি প্ৰসাদ বৰুৱাৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা "ড্ৰীম ডাঞ্চ এণ্ড কালচাৰ একাডেমী" ৰ উদ্যোগত অনুষ্ঠিত নৃত্য কৰ্মশালাৰ আজি সফল সামৰণি পৰে। ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ দেৱনাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা "ড্ৰীম ডাঞ্চ এণ্ড কালচাৰ একাডেমী" একাডেমীৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত অংশগ্ৰহন কৰা প্ৰশিক্ষাৰ্থীসকলে দলীয় নৃত্যৰ কেইবাটাও অনুষ্ঠান পৰিবেশন কৰে। 

অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক, শিল্পী দিব্যজ্যোতি বৰুৱাই জ্যোতি প্ৰসাদ বৰুৱাৰ সপোনৰ এই নৃত্য প্ৰশিক্ষণৰ অনুষ্ঠানটিতৰ পৰা বৃহত্তৰ অঞ্চলৰ নতুন প্ৰজন্ম উপকৃত হৈছে বুলি ভাষন প্ৰদান কৰে। তাৰোপৰি তেওঁ ইয়াৰ জৰিয়তে অঞ্চলটোত সাংস্কৃতিক বাতাবৰণ সৃষ্টি হৈছে বুলিও মন্তব্য কৰে। 

নীলাক্ষি বৰাই আঁত ধৰা অনুষ্ঠানটিত ফণীধৰ বৰুৱা, বিৰজা দেৱী, ৰিপক বৰা,  দীপশিখা দেৱী, মধুস্মিতা বৰুৱা, জিমি বৰা, লোচন মনি দাসকে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানটিৰ শেষত নৃত্য কৰ্মশালাত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে, যোৱা ১৭ জুলাইৰ পৰা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰকে প্ৰমুখ্য কৰি কেইবাগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে।

ধিং নৃত্য কৰ্মশালা