ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ ডিফেন্স ৰিচাৰ্জ এণ্ড ডেভেলপমেন্ট অৰগেনাইজেচন চমুকৈ ডি আৰ ডি অ' ই সফলভাৱে উৎক্ষেপন সম্পন্ন কৰিছে পিনাকা ৱেপন চিষ্টেমৰ। প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানটোৱে সদৰি কৰিছে এই কথা।
থলুৱা প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত এই পিনাকা ৱেপন চিষ্টেমৰ মাল্টিপোল বেৰেল ৰকেট লান্সাৰ চমুকৈ এম বি আৰ এল ব্যৱহাৰ কৰা হৈছিল ১৯৯৯ চনত কাৰ্গিল যুদ্ধত। সেই সময়ত এই ৰকেটৰ বিধ্বংসী প্ৰভাৱ সেনাই প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল। পাক সেনাৰ বিৰুদ্ধে এই ৰকেটৰ জৰিয়তে ভাৰতীয় সেনাই ফলপ্ৰসু আক্ৰমণ সংঘটিত কৰিছিল।
অৱশ্যে ইয়াৰ বিকাশৰ কাম বৰ্তমানো চলি আছে। ভাৰতীয় সেনাই পূৰ্বে চভিয়েট ৰাছিয়াৰ প্ৰযুক্তিৰে নিৰ্মিত এমবিআৰএলএছ ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এমবিআৰএল ব্যৱহাৰ কৰে। যিটো পিনাকা ৱেপন চিষ্টেম হিচাপে পৰিচিত। এনে পিনাকাৰ এমবিআৰএলৰ এটা ইউনিটত ১৮ টা লান্সাৰ থাকে।
এই একোটা লান্সাৰ পৰা ১২ টাকৈ ৰকেট নিক্ষেপ কৰিব পাৰে শত্ৰু পক্ষলৈ। দ্ৰুতগতিত এই ধৰণৰ লান্সাৰ টিউবে ৬০ কিলোমিটাৰ দূৰত্ব মাত্ৰ ৪৪ ছেকেণ্ডত অতিক্ৰম কৰিব পাৰে। পিনাকাৰ প্ৰকল্পটোৰ সফল ৰূপায়ণ কৰাত ডিআৰডিঅ'ৰ পুনেৰ গৱেষণাগাৰ আৰু হাই এনাৰ্জী মেটেৰিয়েলচ ৰিচাৰ্জ লেৱৰটৰীৰ বিশেষ অৰিহনা আছে।