জৰুৰীকালীন ক্ৰয়ৰ বাবে ২৮টা থলুৱা অস্ত্ৰ ব্যৱস্থা আগবঢ়াইছে ডিআৰডিঅ’ই

এই অস্ত্ৰ সামগ্ৰীসমূহে অপাৰেচন সিন্দুৰত সফল ভূমিকা পালন কৰিছিল। পাকিস্তানৰ পহলগাম অঞ্চলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি উত্তৰ হিচাপে দেশীয়ভাৱে নিৰ্মাণ কৰা অস্ত্ৰ-ব্যৱস্থাই অপাৰেচন চলোৱাৰ সময়ত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছিল।

author-image
Asomiya Pratidin
New Update
vsdvcsdcfsd

ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ দিশে শক্তিশালী ভুমিকা পালন কৰি দেশীয় প্ৰযুক্তিক লৈ আগবাঢ়িছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)। সম্প্ৰতি সংস্থাটোৱে সেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে জৰুৰীকালীন ক্ৰয়ৰ অধীনত ২৮টা অস্ত্ৰ ব্যৱস্থা আগবঢ়াইছে। এই পদক্ষেপে দেশৰ সশস্ত্ৰ বাহিনীক অপাৰেচন সামৰ্থ্য অধিক সুদৃঢ় কৰাৰ লগতে দেশীয় অস্ত্ৰ-প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে।

Advertisment

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, এই অস্ত্ৰ সামগ্ৰীসমূহে অপাৰেচন সিন্দুৰত সফল ভূমিকা পালন কৰিছিল। পাকিস্তানৰ পহলগাম অঞ্চলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি উত্তৰ হিচাপে দেশীয়ভাৱে নিৰ্মাণ কৰা অস্ত্ৰ-ব্যৱস্থাই অপাৰেচন চলোৱাৰ সময়ত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছিল। এই ২৮টা অস্ত্ৰৰ তালিকাত সেনাবাহিনীৰ বাবে ১৪টা, নৌসেনাৰ বাবে ৮টা আৰু বায়ুসেনাৰ বাবে ৬টা অস্ত্ৰ সন্নিবিষ্ট আছে। বাহিনীসমূহে নিজৰ প্ৰয়োজন অনুসৰি এই তালিকাৰ পৰা নিৰ্বাচন কৰি ক্ৰয় কৰিব পাৰে। ডিআৰডিঅ’ই এই তালিকাত ব্যক্তিগত উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নাম অন্তৰ্ভুক্ত কৰিছে, যিয়ে বাহিনীৰ বাবে অধিক বিকল্প প্ৰদান কৰিছে।

চৰকাৰে বাহিনীৰ জৰুৰী অস্ত্ৰ ক্ৰয়ৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সঁজুলিৰ অনলাইন তালিকাও প্ৰদান কৰিছে, যাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ আৰু ক্ৰয় প্ৰক্ৰিয়া অধিক গতিৱান হোৱা বুলি সূত্ৰই জনাইছে। এই প্ৰচেষ্টা আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত এক বৃহৎ পদক্ষেপ। দেশীয় উৎপাদনক উৎসাহিত কৰি সশস্ত্ৰ বাহিনীক আধুনিক আৰু প্ৰযুক্তিপূৰ্ণ ৰূপত গঢ়ি তোলাটো ভাৰত চৰকাৰৰ অন্যতম মুখ্য উদ্দেশ্য। ডিআৰডিঅ’ৰ সক্ৰিয় ভুমিকাই এই লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে।

ডিআৰডিঅ