স্বাধীনতাৰ ৭৫বছৰ: অমৃত মহোৎসৱৰ উপহাৰ দ্ৰৌপদী মুৰ্মূ

স্বাধীনতাৰ ৭৫বছৰ: অমৃত মহোৎসৱৰ উপহাৰ দ্ৰৌপদী মুৰ্মূ

ডিজিটেল ডেস্কঃ ভাৰতীয় গণতন্ত্ৰৰ প্ৰচলিত নিয়ম অনুসৰি এইবাৰো দেশে এগৰাকী নতুন ৰাষ্ট্ৰপতি লাভ কৰিলে। বিপুল ভোটত জয়ী হৈ দেশৰ প্ৰথম নাগৰিকৰ স্বীকৃতি লাভ কৰিলে দ্ৰৌপদী মুৰ্মূৱে। ইয়াৰ লগে লগে দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ এক যুগান্তকাৰী অভিলেখ গঢ়িলে দ্ৰৌপদী মুৰ্মূৱে।

ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক দেশৰ প্ৰথম নাগৰিকৰ আসন অলংকৃত কৰা দ্ৰৌপদী মুৰ্মূ প্ৰথম আদিবাসী মহিলা তথা দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপেও বিবেচিত হৈছে। ইয়াৰোপৰি, স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী আৰু দেশৰ কনিষ্ঠ ৰাষ্ট্ৰপতি তেওঁ।

যি সময়ত দেশে স্বাধীনতাৰ ৭৫বছৰ উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰি আছে সেইসময়ত দেশে এনে এগৰাকী ৰাষ্ট্ৰপতি লাভ কৰাতো দেশৰ বাবে গৌৰৱ আৰু ইতিহাসৰ বিষয়। দেশৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱা দ্ৰৌপদী মুৰ্মূৰ জীৱন সংগ্ৰামৰ কাহিনীও বহুজনৰ বাবে আজি অনুপ্ৰেৰণাৰ অম্লান নিচান।

স্বামী আৰু সন্তানক হেৰুৱাই কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱনৰ বাট কটা দ্ৰৌপদী মুৰ্মূ সমাজৰ দহৰ বাবে আজি প্ৰেৰণাৰ উৎস। এগৰাকী আদিবাসী মহিলা হোৱা স্বত্ত্বেও তথা এখন পিছপৰা গাঁৱৰ পৰা জীৱনক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰা দ্ৰৌপদী মুৰ্মূ সঁচাকৈ আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক।

ইফালে, পুৰুষ প্ৰধান সমাজ বুলি সততে অভিযোগ উত্থাপিত হোৱা আমাৰ দেশৰ এগৰাকী মহিলাই এইদৰে সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা কথাটোও কিন্তু লক্ষ্যণীয়। যিটো কথাই ভৱিষ্যতে দেশৰ সহস্ৰ মহিলাসকলক বিভিন্ন দিশত উৎকৰ্ষ সাধনত সহায় কৰিব।

ইয়াৰোপৰি, তেওঁৰ জীৱনমুখী চিন্তা-দৰ্শন তথা চেতনা মন কৰিবলগীয়া। তেওঁ নিজেই এই কথা কৈ গৈছে যে, মানুহে যেতিয়ালৈকে নিজে বিচৰা বস্তুটোৰ প্ৰতি আগুৱাই নাযায় তেতিয়ালৈকে কোনো কামে সম্ভৱপৰ হৈ নুঠে। স্বাভাৱিকতে, দ্ৰৌপদী মুৰ্মূৰ এই কথাষাৰে স্পষ্টৰূপত উদঙাই দিছে জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিকাৰ্ষক যোগাত্মক চিন্তাৰ দুৱাৰখন।

উৰিষ্যাৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দ্ৰৌপদী মুৰ্মূ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল। ৰামদেৱী বমেন কলেজৰ পৰা স্নাতক দ্ৰৌপদী মুৰ্মূ। ২০০৯-১৫ চনলৈ অত্যন্ত প্ৰত্যহ্বানেৰে ভৰা আছিল দ্ৰৌপদী মুৰ্মূৰ জীৱন। এই ৭টা বছৰতে পিতৃ-মাতৃ, স্বামী, দুটাকৈ সন্তান হেৰুৱাইছে তেওঁ।

সম্প্ৰতি, জীয়ৰী ইতিশ্ৰী মুৰ্মূৰে তেওঁৰ সংসাৰ। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে ১৯৭৯-১৯৮৩ চলনৈ জুনিয়ৰ এছিছটেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনীতি-সমাজনীতিৰ সৈতে জড়িত নিৰ্ভীক দ্ৰৌপদী মুৰ্মূ আধ্যাত্মিকতাতো অত্যন্ত বিশ্বাসী।

প্ৰায় ১৩টা বছৰে ব্ৰহ্মকুমাৰীৰ সৈতে জড়িত হৈ আছে তেওঁ।এনে অগণিত কৃতিত্বৰ গৰাকী দ্ৰৌপদী মুৰ্মূ। সহজ-সৰল ব্যক্তিত্বৰ অধিকাৰী দ্ৰৌপদী মুৰ্মূৱে দেশৰ নব-নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে দিয়া ভাষণৰ কথাবোৰেও এতিয়া দৃষ্টিকাঢ়িছে দেশৰ নাগৰিকৰ। অভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ প্ৰতি থকা তেওঁৰ অপৰিমেয় শ্ৰদ্ধা তথা সন্মানো আলোচনাৰ বিষয়। সঁচাকৈয়ে মানুহ সৎ হয় এনে কেতবোৰ গুণেৰেই। সেইকথাকে যেন পুনৰ বাৰ প্ৰমাণিত কৰিলে দ্ৰৌপদী মুৰ্মূৱে।

লক্ষ্যণীয়ভাৱে, নব-নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীৰ তৎপৰতাত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিকাঠামোৰ আৰু অধিক তৰান্বিত হওক। দেশৰ জনসাধাৰণেও তাৰেই কামনা কৰিছে মনে-প্ৰাণে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in