Advertisment

নাট্যশিল্পী মুন বৰুৱাৰ সোঁৱৰণত নাট মঞ্চস্থ

শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহ দেওবাৰে নিশা একালৰ সংগ্ৰামী সৈনিক তথা জ্যেষ্ঠ নাট্যকাৰ ব্ৰাজিল চুতীয়াই ৰচনা কৰা ‘জৰাগ্ৰস্ত’ নামৰ নাটখন  মঞ্চস্থ কৰে ৷  

author-image
Asomiya Pratidin
New Update
নাট্যশিল্পী মুন বৰুৱাৰ সোঁৱৰণত নাট মঞ্চস্থ

নাট্যশিল্পী মুন বৰুৱাৰ সোঁৱৰণত নাট মঞ্চস্থ

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহ দেওবাৰে নিশা একালৰ সংগ্ৰামী সৈনিক তথা জ্যেষ্ঠ নাট্যকাৰ ব্ৰাজিল চুতীয়াই ৰচনা কৰা ‘জৰাগ্ৰস্ত’ নামৰ নাটখন  মঞ্চস্থ কৰে ৷  বকুল বিজয় চুতীয়াই পৰিচালনা কৰা "জৰাগ্ৰস্ত" নাটকত সুদক্ষ অভিনয় কৰি শিল্পী সকলে ৰংপুৰীয়া নাট্য প্ৰেমী জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰে ৷

Advertisment
নাট মঞ্চস্থ
নাট মঞ্চস্থ

 

অসম নাট্য সন্মিলনৰ নৱগঠিত কলঞ্চুপাৰ শাখাই পৰিবেশন কৰা নাটখনিত সুদক্ষ অভিনেতা গৌতম দত্ত ফুকনৰ সাৱলীল অভিনয়ে সকলো দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় ৷  সমাজৰ জৰাগ্ৰস্ত ৰূপটো নাট্যকাৰ ব্ৰাজিল চুতীয়াই এই নাটখনত সুন্দৰভাৱে চিত্ৰায়িত কৰাৰ দৰে অভিনেতা গৌতম দত্ত ফুকনে অভিনয়ৰ যোগেদি ফুটাই তোলে ৷

নাট মঞ্চস্থ
নাট মঞ্চস্থ

 

দেশৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰা বিশিষ্ট ব্যক্তি ভৰত বৰুৱাই চহৰৰ মাজমজিয়াত থকা ৭০ লাখ টকা মূল্যৰ দুই বিঘা মাটি ছহিদ কুশল কোৱঁৰৰ নামত সামূহিক কেন্দ্ৰ স্থাপনৰ বাবে দান দিয়ে ৷ মূল্যৱান মাটি দান দিবলৈ গৈ স্বাধীনতা সংগ্ৰামীগৰাকীয়ে নিজৰ তনয়া আৰু কনিষ্ঠ পুত্ৰৰ ককৰ্থনাৰ সন্মুখীন হৈছিল ৷ আনকি তেওঁলোকে পিতৃ গৃহ এৰি আঁতৰি গৈছিল ৷ অৱশ্যে  জ্যেষ্ঠ পুত্ৰই পিতৃক এইক্ষেত্ৰত সমৰ্থন কৰিছিল ৷ এনেদৰেই নাটখনৰ কাহিনীভাগ আগবাঢ়ে।

নাটখনৰ স্বাধীনতা সংগ্ৰামী ভৰত বৰুৱাৰ কণিষ্ঠ পুত্ৰ অধ্যাপকৰ চৰিত্ৰত অৱতীৰ্ণ হোৱা সুদক্ষ অভিনেতা অৰ্ণৱ বৰদলৈৰ সুন্দৰ অভিনয়ে দৰ্শকৰ দৃষ্টি মঞ্চত আৱদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ তেওঁৰ সংলাপ নিক্ষেপ লক্ষ্যণীয় ৷ একেদৰে জ্যেষ্ঠ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা উৎপল দত্তৰ অভিনয় আছিল উল্লেখ কৰিবলগীয়া ৷ 

নাটখনত আন আন চৰিত্ৰত শিৱাঙ্গী বড়া, চন্দ্ৰলেখা হাজৰিকা গগৈ, পার্থ প্ৰতিম শৰ্মা, অংশ্ৰুতা কৌশিক, অনুৰাগ শৰ্মা, বন্দনা শইকীয়া, বনানি চাংকাকতি শৰ্মা, ৰত্নমণি শৰ্মা, সৌৰভ শেখৰ চাহু আৰু ললিত ৰাজখোৱাই সুন্দৰ অভিনয় কৰে ৷ শিশু শিল্পী হিচাপে শিৱাঙ্গী বড়াৰ অভিনয় উল্লেখ কৰিবলগীয়া ৷ আনহাতে কৌতুক অভিনয়ৰ যোগেদি সুনাম কৰা অভিনে সঞ্জীৱ ভাগৱতী, মইনুদ্দিন আহমেদ, হৰিহৰ প্ৰসাদ চাহু আৰু অনুপ ভট্টাচাৰ্যই মনপৰশা অভিনয় কৰে ৷ 

নাট মঞ্চস্থ
নাট মঞ্চস্থ

 

অনেক অসুবিধাৰ মাজটো  নাটখন সুন্দৰ ভাৱে পৰিচালনা কৰাত পৰিচালক বকুল বিজয় চুতীয়া আৰু সহযোগী পৰিচালক বন্দনা শইকীয়া সফল হোবা বুলি দৃঢ়তাৰে উল্লেখ কৰিব পাৰি ৷  ফৰিদ আখটাৰ খানৰ সংগীতৰ লহৰ, ললিত ৰাজখোৱাৰ মঞ্চসজ্জা, ৰূপম বেজবৰুৱাৰ আৰু  ইন্দ্ৰজিৎ দাসৰ ৰূপসজ্জাৰ মাজেৰে আগবঢ়া নাটখনে বাস্তৱিকতে নাট্যপ্ৰেমীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয় ৷ বহুদিন বিৰতিৰ মূৰকত ৰংপুৰীয়া নাট্যপ্ৰেমীয়ে এখন সুন্দৰ নাট উপভোগ কৰাৰ সুযোগ পালে ৷

উল্লেখ্য যে অসমৰ প্ৰাচীন আৰু চহকী ইতিহাস ভাৰতবাসীৰ সন্মুখত অভিনয়ৰে উপস্থাপন কৰাৰ বাবে সেউজকোঁৱৰ পৰাগ চলিহাই ৰচনা কৰা “ চাৰিহেজাৰ বছৰৰ অসম” ১৯৮৪ চনতেই দিল্লীত মঞ্চস্থ কৰাৰ সময়ত মঞ্চসজ্জাৰ কাম কৰা তথা বলিষ্ঠ নাট্য আন্দোলনৰ পৃষ্ঠপোষক মুন বৰুৱাৰ কালি আছিল প্ৰথম মৃত্যু বাৰ্ষিকী ৷ শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁক স্মৃতিচাৰণ কৰা হয় ৷ 

দিল্লীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন মঞ্চত  এঘাৰ বাৰকৈ চাৰিহেজাৰ বছৰৰ অসম মঞ্চস্থ কৰাৰ সময়ত মঞ্চসজ্জাৰ লগতে ৰূপসজ্জাৰ দায়িত্ব পালন কৰা শিৱসাগৰেই নহয়, অসমৰ এগৰাকী নিৰলস নাট্যকৰ্মী তথা মিলিত শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি মুন বৰুৱা । প্ৰয়াত মুন বৰুৱাৰ কন্যা মৈত্ৰেয়ী গগৈয়ে প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই শিল্পীগৰাকীৰ সম্পৰ্কত বক্তব্য আগবঢ়াই সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক শিল্পী মাখন বৰাই।

নাট মঞ্চস্থ
নাট মঞ্চস্থ

 

মাখন বৰাই  কয় যে, মুন বৰুৱাৰ শিল্পীসত্বাৰ পৰিধি বিশাল। তেওঁ নিৰৱে শিল্প-সংস্কৃতিৰ চৰ্চা কৰি গৈছিল। তেওঁলোকৰ দৰে গুণী ব্যক্তিৰ গুণ বসানিবলৈ সমাজত মাথোঁ কেইজনমান ব্যক্তিহে থাকে।  চহৰৰ অগ্ৰণী নাট্যচৰ্চাৰ অনুষ্ঠান শিৱসাগৰ নাট্যসমাজৰ সৈতে মুন বৰুৱাৰ নিবিড় সম্পৰ্কৰ কথা দোহাৰি অঞ্চলটোৰ নাট্য আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰে।

অনুষ্ঠানত মুন বৰুৱাৰ সন্দৰ্ভত লিখিত স্মৃতিচাৰণ পাঠ কৰে ৰজনী চাংকাকতিয়ে। মিলিত শিল্পী সমাজৰ সভাপতি তথা খ্যাতনামা অভিনেতা অৰুণ বৰঠাকুৰে ১৯৩৭ চনত জন্মগ্ৰহণ কৰা শিৱসাগৰীয়া সন্তান মুন বৰুৱাই মিলিত সমাজ প্ৰতিষ্ঠা কৰাৰ কথা ব্যক্ত কৰে ৷ 

তেওঁ কয় যে এই মিলিত শিল্পী সমাজৰ মঞ্চত অভিনয় কৰা বহু অভিনেতা অভিনেত্ৰীয়ে দেশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ৷ গৌতম বৰবৰাই আঁত ধৰা অনুষ্ঠানত নাট্য সন্ধ্যাটি উদ্বোধন কৰে পদ্মশ্ৰী তথা বিশিষ্ট মুখাশিল্পী ৰেৱকান্ত মহন্তই। মিলিত শিল্পী সমাজৰ হৈ সমাজকৰ্মী সমীৰ গগৈয়ে ৰেৱকান্ত মহন্ত আৰু উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক সম্বৰ্ধনা জনায় ৷ তাৰ পাছতেই স্থানীয় শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে ৷

DRAMA