কলিয়াবৰত নাট‍্য বিদ‍্যালয়ৰ শুভাৰম্ভ...

অনুষ্ঠানত ভ্ৰাম‍্যমান জগতৰ বিশিষ্ট কৌতূক অভিনেতা ৰামেশ্বৰ হাজৰিকাৰ লগতে অন্য নাট্যকৰ্মীও উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত নাট‍্য বিদ‍্যালয়ৰ শুভাৰম্ভ...

DRAMA SCHOOL

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি হ'ল নাট‍্য বিদ‍্যালয়ৰ। কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত নাট্য বিদ‍্যালয়খনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰে বিশিষ্ট নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই।

Advertisment

বিদ‍্যালয়খনৰ শুভাৰম্ভণী কৰি নাট‍্যকাৰগৰাকীয়ে কয় যে, ১৯০১ চনত স্থাপন হোৱা কৰনেচন থিয়েটাৰৰ পৰা কলিয়াবৰ আৰম্ভ হোৱা নাট‍্য আন্দোলন আই, ড‍্যা ক্ৰিয়েটিভ ৱিজন নামৰ নাট‍্য বিদ‍্যালয়ে কলিয়াবৰৰ বহু দিনীয়া অভাৱ পূৰণ কৰিলে।

কলিয়াবৰত ছেগা-চোৰাকাকৈ জ‍্যেষ্ঠ-কনিষ্ঠ সকলৰ মাজত নাট কৰ্মশালা হয় যদিও বিজ্ঞানসন্মত নাট‍্য পাঠ‍্যক্ৰম সংলগ্ন স্থায়ী নাট‍্য বিদ‍্যালয়ৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে প্ৰাঞ্জল মহন্ত আৰু চিমি বৰা।

দুয়োগৰাকী ত্ৰিপুৰাস্থিত ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ আগৰতলা কেন্দ্ৰৰ থিয়েটাৰ ইন এডুকেচনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তদুপৰি, চিমি বৰা এপ্লাইড থিয়েটাৰত ৰবীন্দ্ৰ ভাৰতীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

সীমিত আসনেৰে ৮ বছৰৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে আৰম্ভ কৰা নাট‍্য বিদ‍্যালয়খনত প্ৰণালীবদ্ধ ছমহীয়া পাঠ‍্যক্ৰমৰ জৰিয়তে নাট‍্য বিদ‍্যালয়খনিত প্ৰতি শনি আৰু দেওবাৰে বিয়লি পাঠদান কৰা হ'ব।

শুভাৰম্ভণী অনুষ্ঠানত নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ লগতে ভ্ৰাম‍্যমান জগতৰ বিশিষ্ট কৌতূক অভিনেতা ৰামেশ্বৰ হাজৰিকা, নাট‍্যকৰ্মী মৃদুল হাজৰিকা, হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজৰ বিষয়ববীয়া, স্থানীয় গণ‍্য-মান‍্য ব‍্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত থাকে।

অনুষ্ঠানত নাট‍্য বিদ‍্যালয়ৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰী সকলে গুৰু বন্দনা আৰু এখন নাট প্ৰদৰ্শন কৰে। বিদ‍্যালয়খনৰ দুই হোতা প্ৰাঞ্জল আৰু চিমিয়েও এখন চুটি নাটত অভিনয় কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

DRAMA koliyabor