শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 'টীম ইণ্ডিপিটি'ৰ নাট মঞ্চস্থ

গুৱাহাটীত শীতৰ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমখন নাটক জয়ন্তীয়াসকলৰ ব্ৰিটিছৰ শোষণ আৰু লুন্ঠনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ পটভূমিত ৰচিত 'ইউ কিয়াং নাংবা' মঞ্চস্থ কৰে।

author-image
Asomiya Pratidin
New Update
1

প্ৰতিদিন সংবাদ, হাওৰাঘাটঃ ১২ ডিচেম্বৰত গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুখন নাট সফলভাৱে মঞ্চস্থ হৈ যায়।গুৱাহাটীৰ নাট্যদল 'টীম ইণ্ডিপিটি'ৰ দ্বাৰা আয়োজিত পৰিচালক প্ৰাঞ্জল কে শইকীয়া ৰচিত নাটক 'ইউ কিয়াং নাংবাঃ' আৰু 'কালাৰ্ছ অব লাভ'ৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনি,অভিনেত্ৰী নিশিতা গোস্বামী,বিশিষ্টা কন্ঠশিল্পী কুইন দাস, মালবিকা বৰা আৰু মঞ্জুলা হাজৰিকাকে ধৰি নাটক আৰু বোলছবিৰ লগত জড়িত কেইবাজনো বৰেণ্য শিল্পী উপস্থিত থাকে।

গুৱাহাটীত শীতৰ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমখন নাটক জয়ন্তীয়াসকলৰ ব্ৰিটিছৰ শোষণ আৰু লুন্ঠনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ পটভূমিত ৰচিত 'ইউ কিয়াং নাংবা' মঞ্চস্থ কৰে। নাটকখনৰ নাম ভূমিকাত অভিনেতা ভাস্কৰ সেনাপতি, ব্ৰিটিছ পুলিচ অফিচাৰ যুৱৰাজ ৰায়কে ধৰি বিভিন্ন  চৰিত্ৰত অভিনয় কৰা অভিনেতাসকলে নিজস্ব পাৰদৰ্শিতাৰে সংগ্ৰামী জীৱনৰ অভিব্যক্তিয়েই নাটকখনৰ মূল উপজীৱ্য কৰি দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

দ্বিতীয়খন নাট 'কালাৰ্ছ অব লাভ' এটা ৰে'ল যাত্ৰাক কেন্দ্ৰ কৰি এহাল যুৱক-যুৱতীৰ সঁ‌চা প্ৰেমৰ কাহিনীৰ আধাৰত ৰচিত। নাটকখনৰ বিভিন্ন চৰিত্ৰৰ অভিনয় কৰা আলেখ্য বৰুৱা,বাবলী বৰা,অংকীতা শইকীয়া,ভাস্কৰ দত্ত,বিশ্বজিৎ সন্দিকৈ,বিশ্বজিৎ বৰুৱা, কুইন চিবম আৰু স্নিগ্ধা ফুকনকে ধৰি কেইবাজনেও নিজৰ প্ৰতিভা সুন্দৰ উপস্থাপন কৰিছে।

উল্লেখ্য যে মঞ্চস্থ হোৱা প্ৰথম আৰু দ্বিতীয় নাটক দুখনৰ সহকাৰী পৰিচালক ক্ৰমে ভাস্কৰ দত্ত আৰু বিশ্বজিৎ শইকীয়া, সংগীত মনদ্বীপ মহন্ত, পোহৰ তপন, সাজসজ্জা ৰিজুমণি দেউৰী, ভিডিঅগ্ৰাফী আৰু প্ৰজেক্সন হিৰণময় গগৈৰ।

নাটক