ডিজিটেল সংবাদ, নগাওঁ : নগাঁও সদৰ থানাৰ চৌহদত থকা এখন বাহনৰ পৰা ওলাল নিচাযুক্ত সামগ্ৰী। ২০ দিন পূৰ্বে আৰক্ষীয়ে নগাঁও চহৰৰ আনন্দ নগৰৰ পৰা এ এছ ০১ এ এক্স ২৬২১ নম্বৰৰ এখন গাড়ী উদ্ধাৰ কৰিছিল। এই গাড়ীখনৰ গোপন চেম্বাৰত আছিল ৩ কোটি টকাৰ হেৰ’ইন। পৰিবহন বিভাগৰ পৰীক্ষাত গাড়ীখনত গোপন চেম্বাৰ থকাটো প্ৰমাণ হোৱাত আৰক্ষীয়ে হেৰ’ইন খিনি জব্দ কৰে।
৬ ডিচেম্বৰত নগাঁও সদৰ থানাৰ অন্তৰ্গত আনন্দ নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে। অভিযান কালত আনজাৰ হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এই অভিযানত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীয়ে।
আৰক্ষীৰ অভিযানৰ উমান পাই আনজাৰ হুছেইনে নিজৰ জিম্মাত থকা ড্ৰাগছ বাথৰুমত জ্বলাই দি হাত সাৰিব বিচাৰিছিল । ইয়াৰ বিপৰিতে আনজাৰ হুছেইনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এ এছ ০১ এ এক্স ২৬ ২১ নম্বৰৰ বাহনখন।
ন্যায়িক জিম্মাত থকা আনজাৰক নগাঁও আৰক্ষীয়ে শুকুৰবাৰে পুনৰ আৰক্ষীৰ জিম্মাত লয়।পিছত যান বাহন পৰিদৰ্শকৰ উপস্থিতিত সদৰ থানাৰ চৌহদত থকা আনজাৰৰ গাড়ী খনত অভিযান চলায়। অভিযানত আৰক্ষীয়ে পিছৰ আসনৰ ছীটৰ তলত থকা গোপন চেম্বাৰত উদ্ধাৰ কৰে ৪৪ টা ড্ৰাগছৰ বাকচ। যাৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকাৰ অধিক বুলি প্ৰকাশ কৰে নগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই।