ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াত দেওবাৰে উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ । অঞ্চলটোৰ দিলীপ কুৰ্মী নামৰ যুৱকজনৰ ঘৰত দিনৰ প্ৰায় ১২ কে:জি ওজনৰ প্ৰকাণ্ড অজগৰ সাপটো উদ্ধাৰ কৰা হয়৷ এই অজগৰ সাপটোৱে বিগত কিছুদিন ধৰি যুৱক জনৰ ঘৰৰ প্ৰায় ৩০ টাৰো অধিক পোহনীয়া মূৰ্গী ভক্ষণ কৰি আহিছিল ।
আজিও পুনৰ বাৰীৰ পিছফালে মূৰ্গী ভক্ষণ কৰি থকা অৱস্থাতে হৰেণ কুৰ্মী আৰু দীলিপ কূৰ্মী নামৰ যুৱক দুজনে মিলি কৌশলেৰে প্ৰকাণ্ড অজগৰ সাপটোক বাৰী খনৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কৰায়ত্ব হেৱা মু্ৰ্গী ভক্ষনকাৰী অজগৰ সাপটোক পিছত ডিপলোঙা আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ক চমজাই দিয়া হয় ।