/asomiyapratidin/media/media_files/2025/03/15/m65eQHtsq88iUVevC6bJ.jpg)
মিৰ’ৰ লেংগুৱেজৰে কিতাপ লিখি বিশ্ব অভিলেখ গঢ়া ড০ উত্তম দাসক লৈ নিৰ্মাণ হ'ব তথ্য চিত্ৰ
ডিজিটেল সংবাদ, চিলাপথাৰ : দাপোনৰ ভাষা অৰ্থাৎ মিৰ’ৰ লেংগুৱেজৰে কিতাপ লিখি বিশ্ব অভিলেখ গঢ়া চিলাপথাৰৰ সু-সন্তান ড০ উত্তম দাসক লৈ নিৰ্মাণ হ'ব তথ্য চিত্ৰ। চিলাপথাৰত নিৰ্মাণ সমিতিয়ে এক সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰে।
সংবাদমেলত কয় যে, আইনাৰ ভাষাৰে একাধিক কিতাপ লিখি বিশ্বভিলেখ কৰা ড০ উত্তম দাসৰ এই সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে নিৰ্মাণ হ'ব তথ্যচিত্ৰ। স্মৰ্তব্য যে ড০ দাসে ব্যক্তিক্ৰমী চিন্তাৰে দাপোনৰ ভাষাত ইতিমধ্যেই 'বাইবেল, ভাগৱত, কোৰাণ, এস মানুষ' আদি বহু গ্ৰন্থ প্ৰকাশ কৰিছে।
/asomiyapratidin/media/media_files/2025/03/15/PHnuEb3dI17BQR00Pn5M.jpg)
দাপোনৰ ভাষাত লিখা মাধৱদেৱৰ 'নামঘোষা' অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে চিলাপথাৰৰ এক অনুষ্ঠানত বিগত বৰ্ষত উন্মোচন কৰিছিল। এই সফলতাৰ বাবে তেওঁ ইতিমধ্যে 'লিমকা বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি তেওঁৰ ব্যতিক্ৰমী সৃষ্টিৰ বাবে লাভ কৰিছে আন ১১ টা অভিলেখ।
অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা 'আইদেউ' শ্ৰেষ্ঠ অসমীয়া ছবি শিতানত ৫৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) পুৰস্কৃত অৰূপ মান্নাৰ পৰিচালনাত আৰু কলকতাৰ বিশিষ্ট লেখিকা তথা বাংলা বোলছবিৰ প্ৰযোজক ৰাণু ৰয়ৰ প্ৰযোজনাত নিৰ্মান হ'ব লগা তথ্য চিত্ৰখনিত সহযোগী পৰিচালক হিচাপে থাকিব দৰ্শনা হাজৰিকা।