ঢকুৱাখনা মহাবিদ্যালয়লৈ ডঃ তিলোত্তমা ভৰালীয়ে আগবঢ়ালে ২ লক্ষাধিক টকাৰ গ্ৰন্থ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহাবিদ্যালয়লৈ ডঃ তিলোত্তমা ভৰালীয়ে আগবঢ়ালে ২ লক্ষাধিক টকাৰ গ্ৰন্থ...

ঢকুৱাখনা মহাবিদ্যালয়

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহাবিদ্যালয়ৰ ১৯৭৫ বর্ষৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী, বৰ্তমানৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড০ তিলোত্তমা ভৰালীয়ে দেওবাৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ দুই লক্ষাধিক টকা মূল্যৰ গ্ৰন্থ সম্ভাৰ আৰু দুটা আলমিৰা আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ে। দেওবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ সভাপতিত্বত মহাবিদ্যালয় কেন্দ্ৰীয় পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত  প্ৰাক্তন ছাত্ৰী তথা অবসৰী শিক্ষাবিদগৰাকীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সূত আৰু কৰ্তৃপক্ষৰ হাতত মূল্যবান গ্ৰন্থ সম্ভাৰৰ লগতে আলমিৰা দুটা শ্ৰদ্ধাশীল ভাবে অৰ্পণ কৰে ।

Advertisment

মহাবিদ্যালয়ৰ  উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচ , শিক্ষক গোটৰ সভাপতি ডঃ অমল চন্দ্ৰ দত্ত , মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ ডঃ শোণিত কুমাৰ ভূঞা , মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰী, শিক্ষাব্রতী আৰু গ্ৰন্থদাতা ডঃ ভৰালীৰ আত্মীয় স্বজনৰ উপৰিও সমূহ গ্ৰন্থাগাৰ কৰ্মচাৰী উপস্থিত থাকি এই প্ৰশংসনীয় আৰু মহানুভবী পদক্ষেপৰ একেমুখে শলাগ লয়।

মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক মায়া দেউৰী ,গ্ৰন্থাগাৰ সদস্য ড০ পার্থ প্ৰতীম বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটোত অধ্যক্ষ ডঃ সূতে মহাবিদ্যালয় শৈক্ষিক প্ৰগতি তথা শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক চৰ্চাৰ সহায়ক হোৱাকৈ শিক্ষাবিদগৰাকীয়ে আগবঢ়োৱা এই মহৎ অৱদান সমুজ্জ্বল দৃষ্টান্ত হৈ মহাবিদ্যালয়ৰ স্বৰ্ণিল ইতিহাসত লিপিবদ্ধ হৈ থাকিব বুলি মন্তব্য কৰে।  ইয়াৰোপৰি শিক্ষাবিদ গৰাকীয়ে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাৱে এক লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত ব্যক্ত কৰাত শিক্ষাব্রতী ডঃ ভৰালীৰ  এই বদান্যতাৰ একেমুখে শলাগ লয়।

DHOKUAKHANA