ডাঃ সুৰজিত গিৰীৰ পদত্যাগঃ বিধায়ক সুশান্ত বৰগোঁহায়ে ক'লে ৰাইজৰ স্বাৰ্থত এই সিদ্ধান্ত পৰিহাৰ কৰক

এগৰাকী দণ্ডাধীশৰ অপমানৰ বাবেই ডিমৌ আদৰ্শ চিকিৎসালয়ৰ পৰ পদত্যাগ কৰিছে বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ডাঃ সুৰজিত গিৰীয়ে। 

author-image
Tushar Pratim
New Update
ডাঃ সুৰজিত গিৰীৰ পদত্যাগঃ বিধায়ক সুশান্ত বৰগোঁহায়ে ক'লে ৰাইজৰ স্বাৰ্থত এই সিদ্ধান্ত পৰিহাৰ কৰক

ডিজিটেল ডেস্কঃ বিশ্ব সৰ্প দিৱসৰ দিনটোতেই ৰাজ্যজুৰি আলোড়ণৰ সৃষ্টি কৰিছে এটা খবৰে। এগৰাকী দণ্ডাধীশৰ অপমানৰ বাবেই ডিমৌ আদৰ্শ চিকিৎসালয়ৰ পৰ পদত্যাগ কৰিছে বিশিষ্ট চিকিৎসক তথা সৰ্প বিশেষজ্ঞ হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ডাঃ সুৰজিত গিৰীয়ে। 

Advertisment

চিকিৎসকগৰাকীৰ একাংশ অনুৰাগীয়ে মঙলবাৰৰ নিশাৰ পৰাই ডাঃ গিৰীয়ে পদত্যাগ কৰাৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰাৰ লগে লগেই সামাজিক মাধ্যমত একপ্ৰকাৰে খলকনিৰ সৃষ্টি কৰিছে। অতি মানৱ দৰদী, কৰ্তব্য পৰায়ণতাৰ বাবেই সৰ্বজন প্ৰিয় ডাঃ সুৰজিত গিৰীক তেওঁৰ কৰ্তব্য নিষ্ঠাৰ ওপৰত প্ৰশ্ন তুলিছিল এগৰাকী দণ্ডাধীশে। 

চিকিৎসালয়ত কৰ্তব্য পালনৰ উপৰিও প্ৰয়োজনত মোবাইলৰ জৰিয়তেও সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় দিহা, পৰামৰ্শ দি অহা এইগৰাকী চিকিৎসকক থিয় কৰি এগৰাকী দণ্ডাধীশে তেওঁৰ কৰ্তব্য নিষ্ঠাৰ ওপৰত প্ৰশ্ন তোলাৰ পিছতে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

আজি সামাজিক মাধ্যমৰ জৰিয়তে আঢ়ৈ বছৰীয়া শিশু মনচোইৰীয়া কুৰ্মীৰ সৰ্প দংশনৰ কাহিনী উল্লেখ কৰি শিশুটিয়ে আজি ডিমৌ গ্ৰাম্য চিকিৎসালয় ত্যাগ কৰাৰ দৰেই তেওঁৰো এই চিকিৎসালয়খন ত্যাগৰ সময় সমাগত বুলি উল্লেখ কৰিছে। অহা ১০ আগষ্টৰ পৰা তেওঁ শিৱসাগৰ জিলাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ পৰা বিদায় মগাৰ কথাৰো উল্লেখ কৰিছে।

চিকিৎসকগৰাকীৰ এই ফেচবুৰ পোষ্টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰ মাজতেই থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সুশান্ত বৰগোঁহাইৰ পদত্যাগৰ খবৰ অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কয়, আমাৰ ইয়াৰ সৰ্প দংশনৰ বিশেষজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় ভাৱে প্ৰখ্যাত ডাঃ সুৰজিত গিৰীৰ বাবেই আদৰ্শ হাস্পতালখনৰ বিষয়ে ৰাইজে জানে।

তেওঁ কয়, ডাঃ সুৰজিত গিৰীয়ে এই হাস্পতালখনৰ জৰিয়তে সৰ্প দংশনৰ বাবে বিশেষভাৱে ৰাইজৰ সেৱা কৰি আহিছে। তেওঁ এনেস্থেছিয়া বিশেষজ্ঞও হয়। বহুতেই জানে যে বহু আদৰ্শ হাস্পতালৰ ভিতৰত আমাৰ এই আদৰ্শ হাস্পতালখনতেই প্ৰসূতি চিকিৎসাৰ পৰা আৰম্ভ কৰি শিশুৰ জন্ম বহু ডাঙৰ চিকিৎসালয়তকৈ অধিক। 

বিধায়কগৰাকীয়ে কয়, দুজন, তিনিজন ব্যক্তিৰ সেৱাৰ বাবে এইখিনি সম্ভৱপৰ হৈছে। তাৰে এজন ডাঃ সুৰজিত গিৰী। ডাঃ গিৰীৰ পদত্যাগৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, কিবা কাৰণত, কিছু কথা বতৰাৰ বাবে তেওঁ পদত্যাগ কৰাৰ কথা জানিবলৈ পাৰিছো। 

আমি অনুৰোধ কৰিছো যে, অকল আমাৰ অঞ্চল, উজনি অসমৰ ৰাইজৰ বাবে, উজনি অসমৰ বাহিৰৰ লোককো ভিডিঅ’ কলৰ জৰিয়তে সৰ্প দংশৰ বিভিন্ন চিকিৎসাৰ দিহা, পৰামৰ্শ দি আহিছে। সেয়ে আশা কৰিম তেওঁ পুনৰ বিবেচনা কৰিব আৰু আমাৰ চিকিতৎসালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত, ৰাইজৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেখেতে যি সিদ্ধান্ত লৈছে সেয়া পৰিহাৰ কৰি ৰাইজৰ স্বাৰ্থত পুনৰ কৰ্তব্যত যোগ দিব বুলি আমি আশা কৰিছো। 

সৰ্প দংশন ডিমৌ