Advertisment

অসম গ্ৰন্থমেলাত ডা০ শিখা শৰ্মাৰ কাব্য পুথি উন্মোচন

নতুন বছৰৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাৰ উপেন্দ্র নাথ শৰ্মা সোঁৱৰণী সভাগৃহত ডা০ শিখা শৰ্মাৰ দ্বিতীয়খন কাব্য পুথি "ব্ৰহ্মপুত্ৰ" উন্মোচন কৰা হয়। কাব্য পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা গৱেষক কনক চন্দ্র শৰ্মাই। 

author-image
Asomiya Pratidin
New Update
poem

poem

ডিজিটেল সংবাদ, গুৱাহাটী : নতুন বছৰৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাৰ উপেন্দ্র নাথ শৰ্মা সোঁৱৰণী সভাগৃহত ডা০ শিখা শৰ্মাৰ দ্বিতীয়খন কাব্য পুথি "ব্ৰহ্মপুত্ৰ" উন্মোচন কৰা হয়। কাব্য পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা গৱেষক কনক চন্দ্র শৰ্মাই। 

Advertisment

উন্মোচকগৰাকীয়ে কবি আৰু কবিতাৰ সম্পৰ্কত এটি সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়। সভাত উপস্থিত থকা বিশিষ্ট কবি, সাহিত্যিক তথা শল্য চিকিৎসক ডা০ দীপক কুমাৰ শৰ্মাই কাব্য পুথিখনৰ কবিতাৰ সন্দৰ্ভত আলোকপাত কৰি এক সুন্দৰ বিশ্লেষণ দাঙি ধৰে। 

আনহাতে নেমকেয়াৰ হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডা০ হিতেশ বৰুৱাই গীত আৰু কবিতাৰ সন্দৰ্ভত আলোকপাত কৰে। সভাত উপস্থিত থকা প্ৰখ্যাত কবি পূর্ণ ভট্টাচার্যয়ো কবি আৰু কবিতাৰ বিষয়ে সম্যক বক্তব্য প্ৰদান কৰে। 

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অচ্যুত শৰ্মাই কবিতা পুথিখনত সন্নিৱিষ্ট একাধিক কবিতাৰ বিষয়ে আলোচনা আগবঢ়ায়। কিতাপখন প্ৰকাশ কৰিছে খোজ প্ৰকাশনে। 

অনুষ্ঠানটিৰ আঁত ধৰে "বেলি বিহীন কপালৰ ৰ'দ ঘাই মানুহজনী"কে আদি কৰি কেবাখনো গ্ৰন্থৰ ৰচয়িতা ৰাস্না  পালকে। শলাগৰ শৰাই আগবঢ়াই ডা০ শিখা শৰ্মাই।

assam book fair 2024-25 assam book fair