/asomiyapratidin/media/media_files/2025/11/17/248-2025-11-17-10-41-21.jpg)
ডিজিটেল ডেস্ক : আকৌ এগৰাকী অসম কন্যাই সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যখনৰ নাম উজলাবলৈ সক্ষম হৈছে। অল ইণ্ডিয়া ইষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নামভৰ্তি পৰীক্ষাত দেশৰ ভিতৰত সপ্তম স্থানৰে উজলি উঠিল ডা০ চাহানা টাচফিয়া।
আই এন আই চি ই টি পৰীক্ষাত এই সফলতা লাভ কৰা ডা০ চাহানাই উক্ত পৰীক্ষাত দশম শীৰ্ষ স্থানত থকা একমাত্ৰ অসমীয়া। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা সূত্ৰে ২০২৬ বৰ্ষৰ এম ডি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us