/asomiyapratidin/media/media_files/2025/05/15/xI52u9vrofVnvpdk8MVN.jpg)
'কংগ্ৰেছ হ'ল পাকিস্তানৰ এজেণ্ট'
ডিজিটেল সংবাদ, চিলাপথাৰঃ "কংগ্ৰেছ হ'ল পাকিস্তানৰ এজেণ্ট। কংগ্ৰেছে ৰাফেল অস্ত্ৰ ক্ৰয় কৰাত বাধা প্ৰদান কৰিছিল। ভাৰত শক্তিশালী হোৱাটো কংগ্ৰেছে বিচৰা নাছিল।" এই ভাষ্য শিক্ষামন্ত্ৰীৰ ডা০ ৰণোজ পেগুৰ।
উল্লেখ্য যে, বৃহস্পতিবাৰে ধেমাজি জিলাৰ তিনিওটা বিধানসভা সমষ্টি ধেমাজি, জোনাই আৰু চিচিবৰগাঁৱত সদ্য অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজয়ী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সম্বৰ্দ্ধনাৰ বাবে এক বিশাল সভা অনুষ্ঠিত হয়। এই সভাতেই মন্ত্ৰীজনে কংগ্ৰেছৰ বিৰুদ্ধে বাক্যবাণ নিক্ষেপ কৰে।
চিলাপথাৰৰ দঞি-পল সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত তিনিও খন জিলাৰ ক্ৰমে জিলা পৰিষদ আৰু কাউন্সিলৰ প্ৰাৰ্থী সকলক উষ্ম সম্বৰ্ধনা জনোৱা হয়। লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিহিনিশ্বৰ বসুমতাৰী, টংকেশ্বৰ সোণোৱাল,পৰমানন্দ চায়েঙীয়াৰ লগতে বিজেপি আৰু মিত্ৰ দলৰ বহু কৰ্মকৰ্তা উপস্থিত থাকি বিজয়ী প্ৰাৰ্থী সকলক দলীয় নীতি নিৰ্দেশনা মানি ৰাইজৰ সেৱাত ব্ৰতী হবলৈ আহ্বান জনায়।
আনহাতে সভাৰ পিছতে উলিওৱা হয় 'তিৰংগা যাত্ৰা' শীৰ্ষক এক বিশাল শোভাযাত্ৰা। 'ভাৰত মা কি জয়,পাকিস্তান মূৰ্দাবাদ,নৰেন্দ্ৰ মোদী জিন্দাবাদ,পাকিস্তান আৰ্মী হুঁচিয়াৰ' আদি শ্লোগানৰে কঁপাই তোলে আকাশ বতাহ। প্ৰতিকুল বতৰকো নেওচি হাতে হাতে ত্ৰিৰংগা লৈ সভাস্থলীৰ পৰা মূল নগৰ পথৰে প্ৰায় ৬ কিলোমিটাৰ পথ শুভাযাত্ৰা কৰে দুই সহস্ৰাধিক লোকে। অনুষ্ঠানত সহযোগ কৰে জিলাখনত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন সেনাবাহিনীৰ লোক সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
Follow Us