Advertisment

লখিমপুৰৰ কন্যা ড০ পূৰৱী শইকীয়ালৈ অসম সৌৰভ বঁটা

বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ শইকীয়াই যোৱা বৰ্ষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা লাভ কৰাৰ বিপৰীতে আজি অসম চৰকাৰৰ কেবিনেটে তেওঁলৈ বুলি অসম সৌৰভ বঁটা আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
cz

ডিজিটেল সংবাদ,লখিমপুৰঃ  ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম সৌৰভ বঁটা লখিমপুৰ জিলাৰ ড০ পূৰৱী শইকীয়ালৈ। চিয়াজুলি বাগান গাঁও নিৱাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কণিষ্ঠ কন্যা পূৰৱী শইকীয়া।

Advertisment

বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ শইকীয়াই যোৱা বৰ্ষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা লাভ কৰাৰ বিপৰীতে আজি অসম চৰকাৰৰ কেবিনেটে তেওঁলৈ বুলি অসম সৌৰভ বঁটা আগবঢ়ায়।

উল্লেখযোগ্য যে, ড০ পূৰৱী শইকীয়া অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ সাংবাদিক মানৱজ্যোতি শইকীয়াৰ ভগ্নী। ৩০মাৰ্চত ৰাজ্যপালে প্ৰদান কৰিব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটাত থাকিব নগদ ৩ লাখ টকা। অসম সৌৰভ বঁটাত থাকিব নগদ ৪ লাখ টকা আৰু অসম বৈভৱ বঁটাত থাকিব নগদ ৫ লাখ টকা।

লখিমপুৰ