ভাষাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰম্ভ

"অসমীয়া ভাষা আৰু ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ভাষা চিন্তা" শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ দীপ্তি ফুকন পাটগিৰীয়ে কয়- ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য চাৰৰ দৃষ্টিভংগী আছিল উদাৰ

author-image
Asomiya Pratidin
New Update
ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰম্ভ

ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰম্ভ

ডিজিটেল সংবাদ, গুৱাহাটী : ভাষাচাৰ্য, সাহিত্যাচাৰ্য, কামৰূপ ৰত্ন ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাৰম্ভিক অনুষ্ঠানটো দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত দিনটোজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ।‌ ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য স্মৃতি ৰক্ষা সমিতি আৰু গুৱাহাটী আলোচনা চক্ৰৰ যুটীয়া উদ্যোগত অনুষ্ঠানটো আয়োজন কৰা হয়।

Advertisment

অনুষ্ঠানৰ পুৱা ১০ বজাত ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন কৰে উদ্যোক্তা দুয়োটা অনুষ্ঠানৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মাই। ইয়াৰ পিছতে সৰস্বতী বন্দনা পৰিৱেশন কৰে ডা০ হিমলীনা গৌতমে।

ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰম্ভ
ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী আৰম্ভ

 

বৰগীত পৰিৱেশন কৰে ডা০ কৰবী গোস্বামীয়ে। ইয়াৰ পিছত ড০ ভট্টাচাৰ্যৰ স্মৃতিচাৰণ অনুষ্ঠানত বেদান্ত শৰ্মা, পূৰবী বৰা, ড০ ৰোমান শৰ্মা, ইন্দ্ৰজিৎ ভট্টাচাৰ্য, ডা০ শিখা শৰ্মাই অংশগ্ৰহণ কৰি ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য চাৰৰ ব্যক্তিত্ব, চিন্তা আৰু মানৱতাবাদী আদৰ্শৰ ওপৰত আলোকপাত কৰে। দিনৰ ২ বজাত কনক চন্দ্ৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ আদৰণি ভাষণ দিয়ে স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক  ডা০ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য চাৰৰ দৃষ্টিভংগী আছিল উদাৰ :ড০ দীপ্তি ফুকন পাটগিৰী
ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য চাৰৰ দৃষ্টিভংগী আছিল উদাৰ :ড০ দীপ্তি ফুকন পাটগিৰী

 

"অসমীয়া ভাষা আৰু ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ভাষা চিন্তা" শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ দীপ্তি ফুকন পাটগিৰীয়ে কয়- "ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য চাৰৰ দৃষ্টিভংগী আছিল উদাৰ। সকলো পৰ্যায়ৰ মানুহকে তেওঁ আকোঁৱালি ল'ব জানিছিল।"

এই অনুষ্ঠানত সংস্কৃত ভাষাত সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড০ দীপক কুমাৰ শৰ্মা,  কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ দিলীপ কুমাৰ শৰ্মা, ড০ দয়ানন্দ পাঠক প্ৰভৃতিয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ ড০ ভট্টাচাৰ্যৰ বিশাল ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য দাঙি ধৰে।

কটন বিশ্ববিদ্যালয় সাহিত্যিক