/asomiyapratidin/media/media_files/2025/03/01/lmqRMKCpRtozjMrcBHdR.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰৰ বিশিষ্ট দন্ত চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মালৈ ভাৰতীয় দন্ত চিকিৎসক সন্থা, অসমৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় দন্ত চিকিৎসক সন্থা, অসমৰ ১-২মাৰ্চত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হোৱা ৫৫তম বাৰ্ষিক অধিবেশনত, এক গাম্ভীৰ্যপূৰ্ণ সভাত ডাঃ শৰ্মালৈ এই বঁটা প্ৰদান কৰা হয়।
অসম দন্ত চিকিৎসা সন্থাৰ অসম শাখাৰ সভাপতি ডাঃ অমৰনাথ আৰু সম্পাদক, ডাঃ প্ৰতিম তালুকদাৰে জানিবলৈ দিয়া মতে কেৱল অসম ৰাজ্যৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে দন্ত চিকিৎসা শিক্ষা-সেৱাৰ ক্ষেত্ৰখনত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডাঃ শৰ্মালৈ এই সন্মান আগবঢ়োৱা হয়।
উল্লেখযোগ্য যে সন্থাৰ আজীৱন সদস্য, তেজপুৰৰ স্থায়ী বাসিন্দা ডাঃ শৰ্মাই বিগত সময়চোৱাত দুটা কালৰ বাবে ভাৰতীয় দন্তচিকিৎসক সন্থা অসমৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। দন্ত শল্য চিকিৎসাত খ্যাতি অৰ্জন কৰা ডাঃশৰ্মা সাংগঠনিক দিশতো যথেষ্ট নাম থকা।
নিজস্ব কৰ্ম সাধনাৰে উজ্জীৱিত হৈ, ইতিমধ্যে অসমৰ সাধাৰণ ৰাইজক দাঁতৰ বিভিন্ন ৰোগ আৰু যতনৰ বিষয়ে সজাগ, সচেতন কৰি চিকিৎসা সেৱা আগবঢ়োৱা ডাঃ শৰ্মাক বিশিষ্ট ব্যক্তি ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ অশোক কুমাৰ পানচাৰী, ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কাৰীকৰী সঞ্চালক, প্ৰফেচৰ ডাঃ অশোক পুৰাণিক, ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কাৰীকৰী সঞ্চালক, গুৱাহাটী আৰু গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ হেমেন দাসৰ উপস্থিতিত এই বঁটা আগবঢ়োৱা হয়।