/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1067d906-f3f5-4574-84aa-0ab146fa2d63/AP_FOR_WEB_umakanto.jpg)
আধ্যাত্মিক চেতনাৰে অসমৰ লোকসংগীতক জগত সভাত তুলি ধৰা আজন্ম শিল্পী আছিল উমাকান্ত বৈৰাগী। সংগীত-নাটক একাডেমী বিজেতাগৰাকীৰ মৃত্যুত শোকাহত আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী। তেখেতৰ অনুভৱত মহাপ্ৰয়াণ ঘটা বিশিষ্ট লোকসংগীত শিল্পী উমাকান্ত বৈৰাগী
জীৱন অৱসান ঘটিল উমাকান্ত বৈৰাগী টোকাৰী গীতৰ সম্ৰাট গৰাকীৰ। সঁচাকৈয়ে গাৱঁলীয়া, বিশেষকৈ উজনী অসমৰ ঘৰৰ সকামে নিকামে গোৱা টোকাৰী গীত ৰাজসভালৈ উলিয়াই আনি ইয়াক সকাম ভঙা গীতৰ পৰিৱর্তে মৰ্যদাসূচক গীতৰ অনুষ্ঠানলৈ ৰূপান্তৰ ঘটোৱা শিল্পীগৰাকীয়েই আছিল উমাকান্ত বৈৰাগী। খোৱাং নাহৰণী ওচৰৰ, চাউলকৰা গাঁৱত জন্ম গ্ৰহণ কৰা উমাকান্ত বৈৰাগী আছিল জন্মসূত্রে উমাকান্ত গগৈ। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰা মুহূৰ্তৰ পৰা উমাকান্ত গগৈ হ'ল উমাকান্ত বৈৰাগী। আমি জনাত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই গগৈৰ সাধনালব্ধ জীৱনৰ স্বীকৃতি স্বৰূপে এই "বৈৰাগী" উপাধি প্ৰদান কৰিছিল। খোৱাং তিনিআলিত কচু, ঢেকীয়া, কল্মৌ, খুটৰা বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰা বৈৰাগীয়ে জীৱনৰ দূৰ্গত অৱস্থাক আওকাণ কৰি বুটলিবলৈ ল'লে লোকসংগীতৰ সোণসেৰীয়া দেহবিচাৰ, দেহতত্ব, সংসাৰতত্ব মানৱতত্বৰ গীতসমূহ। যিখিনি গীতে বৈৰাগীৰ কণ্ঠত সুৱদি সুৰীয়া ৰূপ পালে, চহা জীৱনত সোমাই থকা টোকাৰী গীতে প্রাণ পালে, আৰু পালে ৰাজকীয় মৰ্যদা।
উমাকান্ত বৈৰাগীৰ কণ্ঠতেই কেৱল যাদু নাছিল, গীত পৰিৱেশন কৰোঁতে বৈৰাগীৰ দৈহিক চালচলনত আছিল সন্মোহনীয় ৰূপ। যি ৰূপত মুগ্ধ হৈ সহস্র শ্রোতা দর্শকে প্রাণভৰি টোকাৰী গীত উপভোগ কৰিছিল। ক'বই লাগিব বৈৰাগীৰ কণ্ঠত নাছিল কৃত্ৰিমতাৰ স্বৰ, আৱেগৰ ঢৌ, বৈৰাগীয়ে গীত গাইছিল পৰমার্থিক ভাৱত, আধ্যাত্মিক প্ৰেমত, যাৰ বাবে গীতসমূহে অনন্য মাত্ৰা লাভ কৰিছিল।
টোকাৰী গীতৰ লগতে বৈৰাগী আছিল দিহানাম, প্ৰসংগীয়া নামৰ প্ৰৱক্তা, তথা বিচাৰ বিশ্লেষক। এনে এগৰাকী মহা গুণৱান শিল্পীৰ লোকান্তৰত আমিও বিশেষ অভাৱ অনুভৱ কৰিছো । তথাপি এই মুহূৰ্তত আমি আশা কৰিম উঠি অহা শিল্পীসকলে এই মহা সাধকৰ সাধনা যদি অনুসৰণ কৰিবলৈ চেষ্টা কৰে আমাৰ লোক সংগীতৰ ক্ষেত্ৰখনে দৰবাৰী আসন সদাই অক্ষুণ্ণ ৰাখিব পাৰিব। এই মুহূৰ্তত বৈৰাগীৰ বিদেহ আত্মাৰ সদগতিৰ অর্থে আমি প্রার্থনা জনালোঁ। পৰিয়ালবৰ্গলৈও আমাৰ সমবেদনা প্ৰেৰণ কৰিলোঁ।
Also Read: উমাকান্ত বৈৰাগী...