কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটক সাক্ষাৎ ডা° নোমল মমিনৰ

অসম বিধান সভাৰ উপাধ্যক্ষ  ডা° নোমল মমিনে বোকাজান বিধান সভাৰ সমষ্টিস্থিত দেওপানী থানৰ উন্নয়নৰ দাবীৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰ মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটক সাক্ষাৎ ডা° নোমল মমিনৰ

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটক সাক্ষাৎ ডা° নোমল মমিনৰ

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ অসম বিধান সভাৰ উপাধ্যক্ষ  ডা° নোমল মমিনে বোকাজান বিধান সভাৰ সমষ্টিস্থিত দেওপানী থানৰ উন্নয়নৰ দাবীৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰ মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটক সাক্ষাৎ কৰে।

Advertisment

কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভাৰ সমষ্টিত থকা দেওপানী দূৰ্গা থানত পূজা অৰ্চনা কৰিবলৈ দূৰ-দূৰণিৰ ভক্তৰ সমাগম হয়। থানলৈ অহা ভক্তসকলৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক জনায় আহ্বান। ইফালে থানখন পৰ্য্যটন ক্ষেত্ৰত জাকত জিলিকা কৰি তোলাৰ উদ্দেশ্যেৰে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়  ডা° নোমল মমিন।  এই গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত দেওপানী থানৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটে। আলোচনাৰ সময়ছোৱাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ডা° নোমল মমিনে।

 

দেওপানী থান নোমল মমিন