Advertisment

ভাষাতত্ত্ববিদ ড০ নগেন ঠাকুৰলৈ ‘শৰৎ চন্দ্র শর্মা ভাষা সাধনা বঁটা’...

ইয়াৰ পূৰ্বেও ভাষাতত্ত্ববিদ ড০ নগেন ঠাকুৰক বিভিন্ন পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে । বিশিষ্ট শিক্ষাবিদগৰাকীক বিগত বৰ্ষৰ ১১ মে’ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে হীৰক জয়ন্তী বঁটা প্ৰদান কৰিছিল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্য সম্মিলনীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানৰ সফলতাৰে সামৰণি পৰে । অসমীয়া সাহিত্য সম্মিলনীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে আযোজন কৰা উক্ত 'বঁটা প্ৰদান' অনুষ্ঠান এইবৰ্ষৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হৈছিল । উক্ত অনুষ্ঠান আজি দিনৰ ১ বজাৰ পৰা আৰম্ভ হৈছিল । বঁটা প্ৰদান অনুষ্ঠানটিত সভাপতিত্ব কৰে সম্মিলনীৰ কাৰ্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ দাসে।

Advertisment

উল্লেখযোগ্য যে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মা। সম্মিলনীৰ কেন্দ্ৰীয় সম্পাদক ড° ভাস্কৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে সম্মিলনীৰ প্ৰধান সচেতক অধ্যাপক দিলীপ বৰাই। তেখেতে সম্মিলনীৰ আদর্শ আৰু বঁটা প্ৰদানৰ অন্তৰালৰ উদ্দেশ্যৰ কথা সবিস্তাৰে উল্লেখ কৰে।

0

বঁটা প্ৰদান অনুষ্ঠানটিত ২০২৩-২৫ বৰ্ষৰ 'অম্বিকাচৰণ চৌধুৰী ইতিহাস চেতনা বঁটা' প্রদান কৰা হয় বিশিষ্ট ইতিহাসবিদ ড° ৰমেশ চন্দ্ৰ কলিতা দেৱক, 'শৰৎ চন্দ্র শর্মা ভাষা সাধনা বঁটা' প্ৰদান কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট ভাষাবিদ নগেন ঠাকুৰদেৱক, 'চৈয়দ আব্দুল মালিক উপন্যাসশ্রী বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট ঔপন্যাসিক তিলোত্তমা মিশ্র মহোদয়াক আৰু 'হোছেন আলী চৰকাৰ ভাষা সংগঠক বঁটা' প্রদান কৰা হয় বিশিষ্ট চিকিৎসক তথা সাহিত্যৰ সংগঠক ডাঃ ঋষেশ্বৰ ঠেঙালদেৱক।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভাষাতত্ত্ববিদ ড০ নগেন ঠাকুৰক বিভিন্ন পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে । বিশিষ্ট শিক্ষাবিদগৰাকীক যোৱা বৰ্ষৰ ১১ মে’ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে হীৰক জয়ন্তী বঁটা প্ৰদান কৰিছিল । ইয়াৰোপৰি ১৯৭৩ চনত ছোভিয়েট দেশ নেহৰু বঁটা, ২০২৩ বৰ্ষত গোলাঘাটত লিলিদেৱ বঁটা আৰু ২০২৪ চনৰ ১৭ নৱেম্বৰত জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকন বঁটাৰে সন্মানিত কৰা হৈছে । 

উল্লেখ কৰা প্ৰয়োজন যে ভাষাবিদগৰাকীয়ে সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰয়াত দেবানন্দ বৰুৱাৰ সৈতে মিলি হেমকোষৰ চতুৰ্দশ সংস্কৰণত ৫০ হাজাৰটা শব্দ সন্নিৱিষ্ট কৰিছিল । ইতিমধ্যে তেখেতৰ তত্বাৱধানত ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে । 

0

আজিৰ অনুষ্ঠানত মুখ্য অতিথি কনক চন্দ্র শর্মাই তেখেতেৰ ভাষণত সম্মিলনীৰ গতিশীল কাৰ্য-কলাপৰ শলাগ লোৱাৰ লগতে বঁটা প্রাপকসকলক উদ্দেশ্যি মনৰ ভাৱ প্ৰকাশ কৰে। তেখেতে সম্মিলনীৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দর্ভতো মন্তব্য ৰাখে। ৰাজহুৱা একাষাৰত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ আৰু দলিল আহমেদে মন্তব্য ৰাখে। সভাৰ শেষত সভাপতিৰ মন্তব্যৰ লগতে অসম সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

গুৱাহাটী প্ৰেছ ক্লাব