কাইলৈ ৫দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ডা০ মোহন ভাগৱত

ডা০ মোহন ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ , শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয়সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱকসকলৰ লগত মত -বিনিময় কৰিব ৷

author-image
Asomiya Pratidin
New Update
পাঁচদিনীয়া কাৰ্যসূচীৰে অসমলৈ ডা: মোহন ভাগৱত

পাঁচদিনীয়া কাৰ্যসূচীৰে অসমলৈ ডা: মোহন ভাগৱত

ডিজিটেল সংবাদ, গুৱাহাটী : কাইলৈ ৫দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱত। তেওঁ ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব বুলি জানিবলৈ দিছে। 

Advertisment

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ পূৰ্ণৰ প্ৰতি লক্ষ্য ৰাখি সৰসংঘচালক ডা০ ভাগৱতে  ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰা ভ্ৰমণসূচীৰ অংশ হিচাপে এয়া অনুৰূপ কাৰ্যসূচী বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। সৰসংঘচালক ডা০ মোহন ভাগৱতে কাইলৈ আবেলিৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰবৰীস্থিত সুদৰ্শনালয়ত উপস্থিত হ'ব ৷

উল্লেখ্য যে, ডা০ মোহন ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ , শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয়সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱকসকলৰ লগত মত -বিনিময় কৰিব ৷ আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয়সমূহ যেনে - সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য, পৰ্যাৱৰণ, স্বদেশী সামগ্ৰী ব্যৱহাৰ , কুটুম্ব প্ৰবোধন আদি বিষয়সমূহ স্বয়ংসেৱকসকলৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব পাৰে তাৰ ওপৰতো তেখেতে বক্তব্য প্ৰদান কৰিব।

লগতে গুৱাহাটী মহানগৰৰ সংঘৰ দুটা শাখাত উপস্থিত থাকি উক্ত দুয়োটা শাখা টোলীৰ বৈঠকত উপস্থিত থাকিব ৷ ২২ ফেব্ৰুৱাৰীৰ আবেলি আই আই টি গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব ৷

একেদৰে ২৩ ফেব্ৰুৱাৰীৰ পুৱা সাউকুছিৰ চাউথ পইন্ট হাইস্কুল চৌহদত ডা০ মোহন ভাগৱতে এক বৌদ্ধিক কাৰ্যক্ৰমত উপস্থিত থাকি গুৱাহাটী মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱকৰ সন্মুখত বৌদ্ধিক প্ৰদান কৰিব ৷ ইয়াৰ উপৰি সৰসংঘচালকগৰাকীয়ে এই ভ্ৰমণসূচীত সংঘৰ প্ৰচাৰকৰ লগতে আন কেবাখনো বৈঠকত অংশ ল'ব ৷

ইফালে ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে অৰুণাচললৈ বুলি ৰাওনা হ'ব বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে ৷

RSS ASSAM rss mohan bhagwat