সুস্থিৰভাৱে বিবেচনা কৰি ভোট দিয়ক, এই সুযোগ আৰু ৫বছৰলৈ নাহেঃ ড০ হীৰেন গোহাঁই...

সুস্থিৰভাৱে বিবেচনা কৰি ভোট দিয়ক, এই সুযোগ আৰু ৫বছৰলৈ নাহেঃ ড০ হীৰেন গোহাঁই...

ডিজিটেল ডেস্কঃ পুৱাই পত্নী ৰাণী গোহাঁইৰ সৈতে ভোটদান সাব্যস্ত কৰিলে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে। ভোটাধিকাৰ সাব্যস্ত কৰি চিন্তাবিদ গৰাকীয়ে কয়- আজিৰ দিনটোত আমাৰ দেশৰ জনতাই অনুভৱ কৰে যে এই ৰাষ্ট্ৰখন তেওঁলোকৰ ৰাষ্ট্ৰ আৰু সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে।

ধনী-দুখীয়া, ক্ষমতাশালী-ক্ষমতাহীন সকলো ৰাইজে আহি ভোট প্ৰদান কৰিছে আৰু সকলোৱে অনুভৱ কৰিছে যে গণতন্ত্ৰৰ দেশত সকলো সমান। যোৱা দুটা নিৰ্বাচনত যিমান মানুহ দেখিছিলো, এইবাৰ এইটো ভোটকেন্দ্ৰত সিমান মানুহ দেখা নাই।

নৱপ্ৰজন্মৰ ভোটাৰক উদ্দেশ্যি তেওঁ লগতে কয়- প্ৰতিকূল বতৰৰ মাজতো নৱপ্ৰজন্মৰ ভোটাৰসকল ওলাই অহাতো শুভ লক্ষণ। তেওঁলোক কিছু পৰিমাণে সচেতন হৈছে। নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰোতে সুস্থিৰভাৱে বিবেচনা কৰিবলৈ মই আহ্বান জনালো। বিজেপি, কংগ্ৰেছ বুলি কথা নাই কিন্তু ভাৱি চিন্তি ভালদৰে সুস্থিৰ হৈ ভোট দিছেনে নাই সেইটো গুৰুত্বপূৰ্ণ কথা। কাৰো কথাত ভুল গৈ ভোট দিলে পুনৰ এবাৰ সুযোগ কিন্তু অনাগত ৫বছৰলৈ নাপায় সেইটো মনত ৰখা উচিত।

সুস্থিৰভাৱে বিবেচনা কৰি ভোট দিয়ক, এই সুযোগ আৰু ৫বছৰলৈ নাহেঃ ড০ হীৰেন গোহাঁই...
পশ্চিম বংগত পুৱাই ওলাই আহিছে ভোটাৰ, আনহাতে মহাৰাষ্ট্ৰত নাই উছাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in