ডিজিটেল ডেস্কঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা 'ধৰ্ম নিৰপেক্ষ' আৰু 'সমাজবাদ' এই দুয়োটা শব্দ বাদ দিয়াৰ পক্ষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বশিষ্টস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'দ্য ইমাৰজেন্সি ডায়েৰীজ' শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিষয়ে মন্তব্য কৰিছে ড০ শৰ্মাই।
ড০ শৰ্মাই কয়, '‘ৰাষ্ট্ৰৰ নিজৰ চিন্তা ধাৰাৰ পৰা আমি আঁতৰি গ’লো। সেই বাবে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম ভাৰতৰ সংবিধান যিধৰণে আম্বেদকাৰ ডাঙৰীয়াই ৰচনা কৰিছিল, ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত যিধৰণে সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধানৰ প্ৰস্তাৱনা তেনেকৈয়ে থাকিবলৈ দিয়া উচিত। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত।''
উল্লেখ্য যে, ১৯৭৬ চনত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সংবিধানত 'সমাজবাদ' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল।
ইয়াৰে 'সমাজবাদ' শব্দই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হৈ নাথাকে, ধনী, দুখীয়াৰ মাজত আৰ্থ সামাজিক বৈষম্য দূৰ কৰাত গুৰুত্ব দিছে। সেইদৰে 'ধৰ্ম নিৰপেক্ষ' শব্দটোৰ জৰিয়তে ৰাষ্ট্ৰই যে কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মক অগ্ৰাধিকাৰ নিদিয়ে তাক নিশ্চিত কৰিছিল।
স্মৰ্তব্য তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালত ২৫ জুন ১৯৭৫ ত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল আৰু ১৯৭৭ ৰ ২১ মাৰ্চ পৰ্যন্ত এই জৰুৰী অৱস্থা বাহাল আছিল। সেয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰক জৰুৰী অৱস্থাৰ মাজতে ১৯৭৬ ত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত যি দুটা শব্দ সন্নিৱিষ্ট কৰা হৈছে, সেই দুয়োটা শব্দ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাব বুলি কৈছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই যে, পুনৰ ৰাষ্ট্ৰজুৰি এক বিতৰ্কৰ সূচনা কৰিব সেয়া নিশ্চিত হৈছে।
জৰুৰী অৱস্থাৰ সময়ত সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট দুটা শব্দ প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনাব ড০ হিমন্ত বিশ্ব শৰ্মাই
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈ থকা 'ধৰ্ম নিৰপেক্ষ' আৰু 'সমাজবাদ' এই দুয়োটা শব্দ বাদ দিয়াৰ পক্ষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।