ডিচিবি কলেজৰ অধ্যক্ষ হিচাপে ড০‌ ধীৰেন তামূলীৰ দায়িত্ব গ্ৰহণ

সৰুৰে পৰাই মেধাৱী ছাত্র হিচাপে পৰিচিত তামুলীয়ে পাঁচ বছৰ বয়সতে পিতৃহাৰা হবলগীয়া হৈছিল। তেওঁৰ দেউতাক সোণাৰাম তামূলীৰ মৃত্যুৰ পিছত মাক সোমেশ্বৰী তামূলীয়ে তেওঁৰ লগতে আন তিনি গৰাকী পুত্ৰ সন্তানক অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ডাঙৰ দীঘল কৰিছিল। 

author-image
Asomiya Pratidin
New Update
dsddddddddddd

ডিজিটেল সংবাদ, যোৰহাটঃ গহপুৰৰ ডুবিয়াৰ সু সন্তান ড° ধীৰেন তামুলীয়ে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে‌ কৰ্তব্যত যোগদান কৰে। এটি সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰি অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে সন্মানজনক আসন অলংকৃত কৰিবলৈ সক্ষম হোৱা তামুলীৰ প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ হৈছিল গহপুৰৰ বৰডোপৰ ককিলা প্ৰাথমিক বিদ্যালয়ত।

Advertisment

সৰুৰে পৰাই মেধাৱী ছাত্র হিচাপে পৰিচিত তামুলীয়ে পাঁচ বছৰ বয়সতে পিতৃহাৰা হবলগীয়া হৈছিল। তেওঁৰ দেউতাক সোণাৰাম তামূলীৰ মৃত্যুৰ পিছত মাক সোমেশ্বৰী তামূলীয়ে তেওঁৰ লগতে আন তিনি গৰাকী পুত্ৰ সন্তানক অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ডাঙৰ দীঘল কৰিছিল। 

১৯৯৫ চনতে তেওঁ ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈ দ্বিতীয় বিভাগত উত্তীর্ণ হৈছিল। একেখন বিদ্যালয়ৰ পৰা ১৯৯৭ চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৭০.৬% নম্বৰ লাভ কৰি কলা শাখাত সুখ্যাতিৰে উত্তীর্ণ হৈছিল। ২০০০ চনত চনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ৰাজনৈতিক বিজ্ঞান বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। 

টিউচন কৰি নিজৰ পঢ়া শুনাৰ খৰছ উলিয়াবলগীয়া হোৱা ধীৰেন তামুলীয়ে ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগতে অসমৰ ভিতৰত চতুর্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ‌সেই বছৰতে তেওঁৰ মাতৃ সোমেশ্বৰী তামূলী মৃত্যু হয়। তেওঁ ছয়দুৱাৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে ড০ জয়ন্ত কৃষ্ণ শৰ্মাৰ পৰিয়ালবৰ্গৰ লগতে ছয়দুৱাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, আছু, গহপুৰৰ বিভিন্ন ব্যক্তিয়ে সহায় কৰিছিল। 

এম এ পাছ কৰাৰ পিছত তেওঁ মালিগাঁৱৰ এলচিবি কলেজ, গুৱাহাটীৰ বি বৰুৱা কলেজত অধ্যাপনা কৰিছিল।‌ ২০০৭ চনৰ পৰা ডিকেডি কলেজ আৰু বৃহস্পতিবাৰৰ পৰা যোৰহাটৰ ডি‌ চি বি গাৰ্লছ কলেজৰ অধ্যক্ষ হিচাপে যোগদান কৰে। স্মৰ্তব্য যে, ২০১২ চনত তেওঁ  পিএইছডি ডিগ্ৰী লাভ কৰিছিল।

যোৰহাট