আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী

আগন্তুক গাঁও পঞ্চায়ত, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, মিছিং স্বায়ত্ব শাসিত পৰিষদ, তিৱা স্বায়ত্ব শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আপ, অসম অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
dfdfdf

ডিজিটেল সংবাদ,গুৱাহাটীঃ আপ, অসমৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা হ'ল ডাঃ ভবেন চৌধুৰীক। আজি আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সৰ্বসন্মত প্ৰস্তাৱ মৰ্মে দলৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীক কেইমাহমানৰ পূৰ্বে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা মনোজ ধানোৱাৰৰ বিকল্প ৰূপে স্থলাভিষিক্ত কৰে।

দলৰ ৰাজ্যিক উপ সভাপতি সৌমিক সেনগুপ্তৰ সভাপতিত্বত আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ডাঃ ভবেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।  

উল্লেখ্য যে ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা মনোজ ধানোৱাৰে দলীয় কাম কাজৰ পৰা বিৰত আছে ৷ সেয়ে স্থায়ী ৰাজ্যিক সভাপতি নিযুক্ত নোহোৱালৈকে ডাঃ ভৱেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হয় ৷

আনহাতে, আগন্তুক গাঁও পঞ্চায়ত, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, মিছিং স্বায়ত্ব শাসিত পৰিষদ, তিৱা স্বায়ত্ব শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আম আদমি পাৰ্টী, অসম অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

এই সম্পৰ্কত ৰাজ্যিক স্তৰত তৎকালে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয় ৷ এই সম্পৰ্কত ৰাজ্যিক স্তৰত তৎকালে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিবলৈ আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে ৷

আপ