/asomiyapratidin/media/media_files/2025/03/02/MTdhCoi54WErR2GimhxT.png)
বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ডাঃ ভবেন চৌধুৰী
ডিজিটেল সংবাদ, গুৱাহাটী : দলৰ স্থায়ী সভাপতি মনোজ ধানোৱাৰৰ ব্যক্তিগত কাৰণত দীর্ঘদীনিয়া বিৰতিত যোৱা ১ ফেব্ৰুৱাৰীত দলটোৰ ৰাজ্যিক কার্যালয়ত অনুষ্ঠিত হোৱা কার্যনির্বাহক সভাত সর্বসম্মতিক্রমে ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্রহণ কৰে দলটোৰ ৰাষ্ট্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে। দায়িত্ব গ্রহণ কৰিয়েই ডাঃ চৌধুৰীয়ে ৰাজনৈতিক হিংসা, গণতান্ত্রিক প্রতিবাদত বাধা, সাংসদ, বিধায়কৰ পত্নীৰ বিৰুদ্ধে উদ্দেশ্যপ্রণোদিতভাৱে অপপ্রচাৰ চলোৱা আদিৰে বিজেপি চৰকাৰে অসমৰ ৰাজনৈতিক পৰিৱেশ অতি নিম্ন স্তৰলৈ গৈছে বুলি অভিযোগ উত্থাপন কৰে।
এক বিবৃতিযোগে ডা০ চৌধুৰীয়ে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্রমণৰ ঘটনাক গৰিহণা দি ৰাজ্যৰ ৰাজনীতিৰ বাবে এয়া এক অশনি সংকেতৰ আগজাননী বুলি মন্তব্য কৰে। ৰাজ্যখনত বিবোধী দলৰ ৰাজপথত গণতান্ত্রিক প্রতিবাদত বাধা আৰোপ কৰা, বিৰোধী দলৰ নেতাক ঘৰত বন্দী কৰি আদি কাৰ্য্যই অসমত এতিয়া গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখন যে চলি আছে সেই বিষয়ে দুবাৰকৈ ভাবিবলগীয়া হৈছে বুলি দোহাৰে।
ডা০ চৌধুৰীয়ে এইদৰে বিৰোধীৰ কণ্ঠ ৰোধ কৰি চৰকাৰে যি মন যায় তাকে কৰিবলৈ ওলোৱাই নহয়, গণতান্ত্রিক ব্যবস্থাক হত্যা কৰিছে বুলিও মন্তব্য কৰে। বিজেপিয়ে যিমানেই দমন নীতি অৱলম্বন নকৰক কিয় ইয়াৰ প্রত্যুত্তৰ ৰাইজে ২০২৬ ত নিশ্চয় দিব বুলিও তেওঁ কয়।
আচলতে অত্যধিক মূল্যবৃদ্ধি, সাম্প্রদায়িক মন্তব্য, গছ-গছনি কাটি পৰিবেশ ধ্বংস, ৰাজ্যখনৰ বানপানীকে ধৰি সকলো জ্বলন্ত সমস্যা সমাধানত ব্যর্থ চৰকাখনৰ বিৰুদ্ধে সর্বসাধাৰণৰ মনত যথেষ্ট ক্ষোভ আছে। এই ক্ষোভৰ মাত্রা দিনক দিনে বাঢ়ি গৈয়ে আছে। এনে কাৰণতে চৰকাৰখনে অসমত এক বিশৃংখল পৰিস্থিতিৰ নিজেই উদ্ভৱ কৰিছে আৰু সকলোৰে মনত ভয়ৰ প্রভাব পেলাবলৈ খুজিছে বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে।
তেওঁ পুনৰ কয়- 'এয়া সকলো ২০২৬ বিধানসভা নির্বাচনক লক্ষ্য কৰি কৰা হৈছে। যাতে সাধাৰণ ৰাইজে আতংক আৰু সংশয়ৰ বাবেই বিজেপি চৰকাৰৰ বিৰোধিতা কৰিবলৈ এৰে। ৰাজপথলৈ ওলাই নাহে। অন্যথা ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো, গৃহ বিভাগ নিজৰ আয়ত্তত থকাৰ পিছতো এনে বিশৃংখল আৰু অৰাজক পৰিস্থিতিৰ উদ্ভৱ নকৰিলেহেঁতেন।
আনহাতে বিপ্লৱ শর্মাৰ প্রতিবেদনখনো ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত এখন দলিলত পৰিণত হোৱা বুলি আখ্যা দি ডা০ চৌধুৰীয়ে কয় যে যিজন আৰক্ষী বিষয়াই এই কেলেংকাৰীৰ তদন্ত কৰিছিল তেওঁৰ ভাষ্য গ্রহণ কৰা নহ'ল, যিজন অভিযুক্তৰ ভাষ্যৰ আচলতে ন্যায়ালয়েও গুৰুত্ব নাই বুলি কৈছে তেওঁৰ ভাষ্যহে লোৱা হ'ল। গতিকে ইয়াৰ অন্তৰালত বিৰোধী নেতৃত্বক অপযশ দিয়াৰ ষড়যন্ত্র নিহিত থকাটো সহজেই বোধগম্য।
/asomiyapratidin/media/media_files/2025/03/02/MpqVDn6URKTGUsgKjURV.jpg)
সভাপতিগৰাকীয়ে লগতে কয় যে, একেদৰে অসমৰ সাংসদ, বিধায়কৰ পত্নীৰ বিৰুদ্ধে উদ্দেশ্যপ্রণোদিতভাবে অপপ্রচাৰ চলোৱা হৈছে। কিন্তু এইখন চৰকাৰে বহু গুৰুতৰ অভিযোগৰ তদন্ত আজিলৈকে কৰিবলৈ সক্ষম নহ'ল। উমৰাংচুৰ কয়লাখনিত অবৈধ খনন কাৰ দ্বাৰা চলিছিল তাৰ আচল তদন্ত আজিলৈকে নহ'ল।
শাসকীয় এচামৰ আয়তকৈ অধিক সা-সম্পত্তিব গৰাকী হৈছে। এইবোৰবো তদন্ত হোৱা নাই। তদুপৰি গোটেই চৰকাৰী ব্যৱস্থাটোক সম্পূর্ণৰূপে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে বুলিও অভিযোগ কৰে তেওঁ। দিনে দিনে ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অতি নিম্ন পর্যায়লৈ আৰু ব্যক্তিগত শত্রুতাৰ আখেজ পূৰণৰ স্তৰলৈ নমাই আনিছে, যিটো ৰাজ্যৰ ভৱিষ্যত ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অতিশয় অশুভজনক বুলি বিবৃতিত উল্লেখ কৰে।