ডিজিটেল সংবাদ, কোকৰাঝাৰ : বি টি আৰৰ ছাত্ৰ-ছাত্ৰীক ডক্টৰেট ডিগ্ৰীৰ শিক্ষাগ্ৰহণৰ বাবে উৎসাহিত কৰা, গৱেষণা কৰিবলৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা, শৈক্ষিক দিশত মনোনিৱেশ কৰাত সহায় কৰিবলৈ আৰ্থিক বোজা লাঘৱ কৰা আদি উদ্দেশ্যৰে বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী পিএইচডি ডিগ্ৰীধাৰী ড° বাছিৰাম বড়োৰ সোঁৱৰণত বিটিচি পৰিষদীয় চৰকাৰে আৰম্ভ কৰিছে ড° বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বীপ এৱাৰ্ড আচঁনি।
এই আঁচনিৰ অধীনত ফেল'শ্বিপৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীয়ে বছৰি ১ লাখ ৮০ হাজাৰ টকাকৈ লাভ কৰিব আৰু ফেলোশ্বিপ দুবছৰৰ বাবে হ'ব। অৱশ্যে নিৰ্ধাৰিত সময়ৰ ভিতৰত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে পুনৰাই এবছৰ বৃদ্ধি কৰিব পাৰিব । - এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই ।
সোমবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত আয়োজিত এক সংবাদমেলত বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই উক্ত মন্তব্য কৰি কয় যে বিটিচিৰ শিক্ষা বিভাগৰ জ্ঞান সৌৰাং বিথাংখী আঁচনিৰ অধীনত ড° বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড আঁচনিখন শুভাৰম্ভ কৰা হৈছে। লগতে ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড আঁচনিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে ৷
তাৰবাবে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীসকলৰ পৰা অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আবেদন বিচৰা হৈছিল ৷ ২০২৪ চনৰ ১৫ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ অনলাইন আবেদন গ্ৰহণ কৰা হৈছিল আৰু সৰ্বমুঠ ১১১ গৰাকী প্ৰাৰ্থীৰ পৰা আবেদন লাভ কৰা হৈছিল বুলি জনায়। আবেদনসমূহ পৰীক্ষণৰ অন্তত ৮৯ গৰাকী প্ৰাৰ্থীক যোগ্য বুলি বিবেচিত হৈছে আৰু ৮৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪৫ গৰাকী প্ৰাৰ্থীৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি সম্পন্ন হৈছে।
আনহাতে মঙলবাৰ অৰ্থাৎ ১০ ডিচেম্বৰত অৱশিষ্ট প্ৰাৰ্থীসকলৰ পৰীক্ষণ কৰা হ'ব বুলি সংবাদমেলত বিটিচিৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই সদৰী কৰিছে । উল্লেখ্য যে সৰ্বমুঠ ৫০ গৰাকী যোগ্য প্ৰাৰ্থীক ড° বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড আঁচনিৰ অধীনত উচ্চ শিক্ষাগ্ৰহণৰ সুযোগ প্ৰদান কৰা হ'ব ৷
প্ৰতিগৰাকী প্ৰাৰ্থীক এবছৰত ১ লাখ ৮০ হেজাৰ টকা প্ৰদান কৰা হ'ব ৷ উল্লেখ্য যে বিশেষ সমস্যাৰ বাবে যদি কোনো প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে বৰ্ধিত সময়ৰ বাবেও বিবেচনা কৰা হ'ব বুলি মন্তব্য কৰে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই।
নিৰ্বাচিত প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰতে বিভাগীয় ৱেবছাইটত প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে জগদীশ প্ৰসাদ ব্ৰহ্মই। প্ৰণিধানযোগ্য যে ১৯৭৯ চনত বাশীৰাম বড়োই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । তেওঁ বড়ো জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী পিএইচডি প্ৰাপক । নলবাৰীৰ ৰঙাফলি -ধমধমাত জন্মগ্ৰহণ কৰা বাশীৰাম বড়ো টংলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাধ্যক্ষ আৰু পিছলৈ টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ওদালগুৰি জিলাত শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ড° বাশীৰাম বড়োৰ সোঁৱৰণত বিটিচি চৰকাৰে এইবাৰৰ পৰা আৰম্ভ কৰা ফেলোশ্বিপ এৱাৰ্ড আঁচনিয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে ।