কিতাপ হৈছে বিশ্ব সভ্যতাৰ ইতিহাস : অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

"কিতাপ হৈছে বিশ্ব সভ্যতাৰ ইতিহাস। সমষ্টিগত জীৱনক কিতাপে পৰিপূৰ্ণতা দিয়াৰ উপৰি ব্যক্তিগত জীৱনত কিতাপ হৈছে সবাতোকৈ বিশ্বাসী বন্ধু"- এই বক্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ। 

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ সভাত বসন্ত কুমাৰ গোস্বামী

নগাঁৱৰ সভাত বসন্ত কুমাৰ গোস্বামী

ডিজিটেল সংবাদ, নগাঁও : "কিতাপ হৈছে বিশ্ব সভ্যতাৰ ইতিহাস। সমষ্টিগত জীৱনক কিতাপে পৰিপূৰ্ণতা দিয়াৰ উপৰি ব্যক্তিগত জীৱনত কিতাপ হৈছে সবাতোকৈ বিশ্বাসী বন্ধু"- এই বক্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ। 

ৰাষ্ট্ৰীয় যুৱ বঁটাবিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ নগাঁও নগৰস্থিত মুখ্য কার্যালয়ত সন্থাৰ আমন্ত্রণ ক্রমে উপস্থিত হৈ এক গাম্ভীর্য্যপূর্ণ সভাত ড০ গোস্বামীয়ে অংশগ্রহণ কৰে। সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই সভাপতিত্ব কৰা আৰু প্রধান সম্পাদক খগেন চন্দ্র নাথে আঁত ধৰা সভাখনত যোগদান কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ সচিব অশোক সেনাপতি, সভাৰ মুক্ত শিক্ষা সংসদৰ আহবায়ক ড০ তোফেল জিলানী, শিক্ষাবিদ জীৱেশ্বৰ গোস্বামী প্রমুখ্যে বিশিষ্ট ব্যক্তিসকলে। 

পুথিভঁড়াল সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ধেনুৰাম নাথে এটি লোকগীতেৰে পাতনি মেলা সভাখনত পুথিভঁড়াল সন্থাৰ তৰফৰ পৰা শৰাই, গামোছা, চেলেং, জাপি, অভিনন্দন পত্র, কিতাপৰ টোপোলাৰে নৱ নির্বাচিত সভাপতি ড০ গোস্বামীক বিপুলভাৱে আদৰণী আৰু সম্বর্ধনা জনোৱা হয়। শংকৰজ্যোতি শাখা সাহিত্য সভা, নগাঁও আৰু মৰিগাঁও জিলা গ্রাম্য পুথিভঁড়াল সন্থায়ো সভাপতিগৰাকীক সম্বর্ধনা জনায়। 

এই সভাতেই নগাঁও জিলা সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি, সম্পাদক ক্রমে ড০ শৰৎ বৰকটকী, ৰাজীৱ হাজৰিকাক সম্বর্ধনা জনোৱা হয়। সন্থাৰ প্রধান সম্পাদক খগেন চন্দ্র নাথক নগাঁও জিলা সাহিত্য সভাই "কৰ্মপ্ৰাণ" উপাধি প্রদান কৰাৰ বাবে তেঁওকো সম্বর্ধনা জনোৱা হয়। 

পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই সন্থাই অসমত এখন পুথিভঁড়াল আইন প্রনয়ন কৰাৰ বাবে জনাই অহা দাবীৰ প্ৰতি অসম সাহিত্য সভাৰ সমর্থন জনাবলৈ সভাপতিগৰাকীক এক লিখিত আবেদন প্রদান কৰে। লগতে সাহিত্য সভাৰ মঞ্চত গাঁৱলীয়া পুথিভঁড়ালসমূহৰ বিকাশ আৰু সুৰক্ষাৰ বাবে সভাই কাৰ্যসূচী গ্ৰহণৰ আবেদন জনায়। 

আবেদনপত্র গ্রহণ কৰি সভাপতি ড০ গোস্বামীয়ে আগন্তুক ৯ মাৰ্চৰ কাৰ্যনিৰ্বাহকত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলি সভাত প্রকাশ কৰে। সম্বর্ধনা গ্রহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ গোস্বামীয়ে কয়- অসম সাহিত্য সভাৰ লগত গ্ৰন্থৰ সম্বন্ধ হৈছে গুনতি আৰু খান্দুৰীৰ দৰে। গৰুৰ এৰালত গুনতি আৰু খান্দুৰীৰ বান্ধ যেনেকৈ অবিচ্ছেদ্য তেনেকৈ সভা আৰু গ্ৰন্থৰ সম্বন্ধ এৰাব নোৱাৰা। 

আমি সৰুতে বাঁহ, খেৰ গোটাই, কাঠ কাটি পুথিভঁড়াল নির্মাণ কৰিছিলো। লাহে লাহে অসমীয়া সমাজত পুথিভঁড়াল নির্মাণ এক সংস্কৃতিত পৰিণত হৈছিল। সংস্কৃতি সন্দৰ্ভত গুৰুজনাই কৈছিল কাম কৰা আৰু মনুষ্যত্ব সাধন কৰা। কিন্তু লাহে লাহে এই ধাৰা ব্যাহত হৈছে বুলি তেওঁ মন্তব্য কৰে। 

সভাপতিগৰাকীয়ে আৰু কয় যে, এখন সমাজ প্রাসংগিক আৰু বর্তি থাকিবলৈ হলে দুটা উপাদানৰ প্ৰয়োজন। এটা হৈছে কিতাপ আৰু আনটো হৈছে নৈসর্গিক জীৱন। কিন্তু দুখৰ কথা যে বর্তমান প্রজন্ম নৈসর্গিক জীৱনৰ পৰা বহু দূৰ আঁতৰি গৈছে। 

বর্তমান গ্রন্থ আন্দোলনৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াই তেঁও কয়- বর্তমান আধুনিক ব্যৱস্থাৰ লগত পুথিভঁড়ালসমূহো আধুনিক বিধি ব্যৱস্থাৰ লগত জড়িত হ’ব লাগিব। সভাপতিগৰাকীৰ গভীৰ দর্শনপুষ্ট বক্তব্যই সমজুৱাসকলক আপ্লুত কৰে।

অসম সাহিত্য সভা