বিলাসীপাৰাত ড০ বাণীকান্ত কাকতিক স্মৰণ...

আলোচনাত অংশগ্ৰহণ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আহমেদ গোলাম ছাৰোৱাৰ আৰু সহকাৰী অধ্যাপক মিণ্টু বৰাই

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত ড০ বাণীকান্ত কাকতিক স্মৰণ...

ড০ বাণীকান্ত কাকতিক স্মৰণ

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো পালন কৰিছে ড০ বাণীকান্ত কাকতিৰ জন্ম-মৃত্যু দিৱস। ধুবুৰীৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰত মঙলবাৰে ড০ বাণীকান্ত কাকতিৰ জন্ম তথা মৃত্যু দিৱস পালন কৰে।

এই উপলক্ষে ড০ বাণীকান্ত কাকতিৰ প্ৰতিকৃতিত পুস্পাঞ্জলি দান অনুষ্ঠানৰ পিছত আয়োজন কৰা আলোচনাত অংশগ্ৰহণ কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আহমেদ গোলাম ছাৰোৱাৰ আৰু সহকাৰী অধ্যাপক মিণ্টু বৰাই। আলোচনাৰ আঁত ধৰে ড০ হৰিচৰণ দাসে।

আৰু পঢ়কঃ ঘিলাগুৰিত শহুৰেকৰ দাৰ ঘাপত জোঁৱায়েকৰ মৃত্যু...

assam bilashipara dhuburi dr bani kanta kakati