/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/587f6816-ef58-49b6-9119-9d3c86410515/gu.jpg)
Dr Anamika Roy memorial trust
ডিজিটেল ডেস্কঃ ড০ অনামিকা ৰয় মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত ষষ্ঠ বার্ষিক ৰাষ্ট্ৰীয় মিডিয়া বক্তৃতানুষ্ঠান অহা ২৩ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।
বক্তৃতানুষ্ঠানৰ বিষয়বস্তু - "সামাজিক মাধ্যম কিমান সামাজিক" বক্তৃতা প্ৰদান কৰিব প্ৰখ্যাত লেখক কবি অভিনেতা, ইতিহাসবিদ, যোগাযোগ বিশেষজ্ঞ অধ্যাপক শচীনানন্দ যোগীয়ে।
অধ্যাপক যোশী ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সদস্য সম্পাদক হিচাপে কৰ্মৰত হোৱাৰ লগতে কুশাভাউ ঠাকৰে যোগাযোগ আৰু সাংবাদিকতা বিশ্ববিদ্যালয়, ৰামপুৰৰ প্ৰাক্তন উপাচার্য আৰু মাখন লাল চতুর্বেদী যোগাযোগ আৰু সাংবাদিকতা বিশ্ববিদ্যালয় ,ভূপালৰ প্ৰাক্তন অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক পঞ্জীয়ক।
অধ্যাপক যোগীয়ে সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰ আৰু নিৰ্ভৰশীলতাই বর্তমান সমাজক সমাজবিমুখ কৰি তুলিছে নেকি এই বিষয়ত বক্তৃতা আগবঢ়াব । লগতে তেওঁ সামাজিক মাধ্যমৰ বাণিজ্যিক উদ্দেশ্যে সমূহৰ ধনাত্মক আৰু ঋণাত্মক কাৰক আৰু সেই কাৰকসমূহে সৃষ্টি কৰা সামাজিক মাধ্যমৰ ব্যপক আসক্তিৰ বিষয়ে আলোচনা কৰিব।
অনুষ্ঠানত সভাপতি হিচাপে উপস্থিত থাকিব ড০ অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ মুৰব্বী শ্ৰী ৰজত বৰণ মহন্ত আৰু বক্তৃতানুষ্ঠানটি উদ্ধোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈয়ে।
বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য আমন্ত্রিত ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ড০ অনামিকা ৰয় মেম'ৰিয়েল ট্রাষ্টে প্রত্যেক বছৰে যোগাযোগ আৰু সাংবাদিকতা বিষয়ত শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে এই বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে।২০১৭চনৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথম সংস্কৰণত বক্তা হিচাপে উপস্থিত আছিল চিংগাপুৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক মোহন জ্যোতি দত্ত ।
তাৰ পিচত ক্রমে ২০১৮ চনত আমেৰিকাৰ ওহায়ো বিশ্ববিদ্যালয়ৰ ড০ যতীন শ্রীবাস্তব, ২০১৯ চনত বি বি চিৰ প্ৰাক্তন সংবাদকর্মী আৰু আমেৰিকাৰ টাওচন বিশ্ববিদ্যালয়ৰ ড০পল্লবী গুহ, ২০২০ চনত এ আই এম চিৰ অধ্যাপক তথা চি ই এম চি এ ই এম পি চি নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়, আকাশবাণী,দূৰদৰ্শন, আন্না বিশ্ববিদ্যালয় আই আই টি ৰুৰকীৰ প্ৰাক্তন পৰিচালক ড০ আৰ শ্ৰীধৰ আৰু ২০২১ চনত গ্লোবেল মিডিয়া এডুকেশ্বন কাউন্সিলৰ সভাপতি, কলকাতাৰ আদমাছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, মুম্বাইৰ এমিটি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ উজ্জ্বল কুমাৰ চৌধুৰী উপস্থিত থাকে।
২০১৫ চনত গুৱাহাটীত স্থাপিত ড০ অনামিকা ৰয় মেম'ৰিয়েল ট্রাষ্ট হৈছে শিক্ষা আৰু গৱেষণা বিষয়ক তথা ভাৰত চৰকাৰৰ নীতি আয়োগৰ অধীনত পঞ্জীকৃত এটি সামাজিক সংস্থা।
ইতিমধ্যে বিগত সময়ছোৱাত সংস্থাটোৱে চিকিৎসা সন্ত্রাসবাদ অর্থাৎ মেডিকেল টেৰ'- ৰিজমৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত এক অভিনৱ বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ সংস্থাটোৱে আৰম্ভণিৰে পৰা 'স্বাস্থ্যৰ অধিকাৰক ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰোগীৰ অধিকাৰ আৰু কৰ্ত্তব্যৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবেও নিষ্ঠাসহকাৰে কাম কৰি আহিছে।