ডাঃ অমল চন্দ্ৰ কটকীক প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় D.Sc ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তন উপলক্ষে ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীক বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী D.Sc (Doctor of Science) প্ৰদান কৰাহয়।

author-image
Tushar Pratim
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তন

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তন উপলক্ষে ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীক বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী D.Sc (Doctor of Science) প্ৰদান কৰাহয়। ২৫ এপ্ৰিল,২০২৫, শুকুৰবাৰে অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব  শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ উপস্থিতিত ড০ কটকীক এই সন্মান প্ৰদান কৰে।

Advertisment

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগতে সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, কাৰ্যবাহী পৰিষদৰ সদস্যসকল আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকল।

স্বাস্থ্য খণ্ডলৈ আগবঢ়োৱা অৱদান বিশেষকৈ কৰ্কট ৰোগৰ ক্ষেত্ৰত চিকিৎসা সেৱা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডাঃ কটকীক এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয়। ডাঃ কটকীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ বিভিন্ন আলোচনীত ২১৮ খন গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ লগতে অংক'লজীৰ ৩ খন পাঠ্যপুথিও সম্পাদনা কৰিছে, যিসমূহ সমগ্ৰ বিশ্বতে ব্যাপকভাৱে প্ৰশংসিত হৈছে।

ডাঃ অমল চন্দ্ৰ কটকীক প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় D.Sc ডিগ্ৰী
ডাঃ অমল চন্দ্ৰ কটকীক প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় D.Sc ডিগ্ৰী

 

ডাঃ কটকীয়ে ২০২২ চনৰ ১৪ অক্টোবৰত তেখেতৰ আত্মজীৱনী "নীৰৱ চিন্তা..." ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক উপহাৰ হিচাপে প্ৰদান কৰিছিল। "এনালছ অৱ অংকল'জী ৰিচাৰ্ছ এণ্ড থেৰাপী” শীৰ্ষক জাৰ্নেলৰো প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল ডাঃ কটকী।  "National Cancer Registry Programme of ICMR"ৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে ১৭ বছৰ কাল কাৰ্যনিৰ্বাহ কৰা ডাঃ কটকীয়ে বৰ্তমান ৰাষ্ট্রীয় কৰ্কট জেনম এটলাছৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতি আৰু গুৱাহাটী এইমছৰ গৱেষণা পৰামৰ্শদাতা সমিতিৰ সদস্যৰ দায়িত্ব পালন কৰি আহিছে।

ডাঃ অমল চন্দ্ৰ কটকী
ডাঃ অমল চন্দ্ৰ কটকী

 

গুৱাহাটী বিশ্ববিদ্যালয়ে ডাঃ কটকীক D.Sc সন্মান প্ৰদান কৰাৰ বাবে তেখেতে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত আৰু কাৰ্যবাহী পৰিষদৰ সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতে কয় যে, এই সন্মান কৰ্কট ৰোগৰ যত্ন, নিৰাময় আৰু নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰভাৱে কাম কৰি থকা লোকসকলৰ বাবে এক স্বীকৃতি। এয়া ঐক্যবদ্ধ নেতৃত্ব আৰু দলীয় প্ৰচেষ্টাৰ এক ফলাফল।

ডাঃ কটকীয়ে অসম চৰকাৰ, এটমিক এনাৰ্জী বিভাগ, উত্তৰ-পূব পৰিষদ, ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়, পূৰ্বৰ লোকবন্ধু ড০ ভূৱনেশ্বৰ বৰুৱা কৰ্কট সমাজ, মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰে তেওঁৰ এই দীঘলীয়া যাত্ৰাৰ প্ৰতি জনাই অহা সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ পৰা লাভ কৰা অমূল্য সহায়ৰ কথা স্মৰণ কৰে।

এই সন্মান গ্ৰহণ কৰি ডাঃ অমল চন্দ্ৰ কটকীয়ে অসমত কৰ্কট ৰোগৰ যত্ন আৰু চিকিৎসা সকলোৰে বাবে সূলভ আৰু সহজলভ্য কৰি তোলাৰ বাবে ৰাজ্যৰ অত্যাধুনিক কৰ্কট চিকিৎসালয়সমূহৰ মাজত এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সবল নেতৃত্বৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমান ডাঃ কটকীয়ে গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ সঞ্চালক হিচাপে কৰ্মৰত।

গুৱাহাটী বিশ্ববিদ্যালয় সমাৱৰ্তন