Advertisment

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত ড০ অৱনী কুমাৰ ভাগৱতীৰ বক্তৃতা প্ৰদান

পশ্চিম বংগৰ মিদনাপুৰত অৱস্থিত বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আঞ্চলিক বিজ্ঞান সংস্থাৰ ৫৫ সংখ্যক অধিবেশন ২৮-২৯ নবেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে...

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মিদনাপুৰত অৱস্থিত বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আঞ্চলিক বিজ্ঞান সংস্থাৰ ৫৫ সংখ্যক অধিবেশন ২৮-২৯ নবেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। এই অধিৱেশনৰ মূল বিষয়বস্তুৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতী নিমন্ত্ৰিত অতিথি হিচাপে মুখ্য বক্তৃতা প্ৰদান কৰে ।  

Advertisment

‘বহনীয় আঞ্চলিক উন্নয়ন :  সম্ভাৱনা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি ড০ ভাগৱতীয়ে অঞ্চল, আঞ্চলিক বৈচিত্ৰ্য, আঞ্চলিক বৈষম্য আৰু বহনীয় আঞ্চলিক উন্নয়ন সম্বন্ধে বিতং আলোচনা আগবঢ়ায় ।  সাম্প্ৰতিক বিশ্ব পৰিস্থিতিত, বিশেষকৈ পৰিৱেশৰ দ্ৰুত অৱনতিৰ পৰিপ্ৰেক্ষিতত বহনক্ষম বা বহনীয় উন্নয়নৰ যে সদ্যহতে অন্য কোনো বিকল্প নাই সেই কথা উল্লেখ কৰি পৰিৱেশৰ অনুকূলে উন্নয়ন প্ৰক্ৰিয়া আগুৱাই নিবলৈ তেখেতে আহ্বান জনায় । 

পৃথিৱীৰ প্ৰায় সকলোতে বাঢ়ি অহা অৰ্থনৈতিক আৰু সামাজিক বৈষম্যই যে পৰিৱেশৰ সমস্যাক ক্ৰমে জটিল ৰূপ দিব ধৰিছে তাৰ প্ৰতি তেখেতে সমৱেত আটাইৰে দৃষ্টি আকৰ্ষণ কৰে । অধিৱেশনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যথেষ্ট সংখ্যক সমাজ বিজ্ঞানীয়ে নিজৰ নিজৰ গৱেষণাৰ ভিত্তিত বক্তব্য প্ৰদান কৰে ।

পশ্চিম বংগ