চিৰাঙত লাচিত কাপ ফুটবল প্ৰতিযোগিতাত 'ডি পি এছ'লৈ চেম্পিয়নৰ খিতাপ…

ছিদলী-কাশীকোত্রা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ২০ বছৰ অনূর্ধ্ব মহাবীৰ লাচিত কাপ ফুটবল প্রতিযোগিতাত দিল্লী পাব্লিক স্কুলে (ঢালিগাঁও) চেম্পিয়নৰ সন্মান অৰ্জন কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ ছিদলী-কাশীকোত্রা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ২০ বছৰ অনূর্ধ্ব মহাবীৰ লাচিত কাপ ফুটবল প্রতিযোগিতাত দিল্লী পাব্লিক স্কুলে (ঢালিগাঁও) চেম্পিয়নৰ সন্মান অৰ্জন কৰে। অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ চিৰাং জিলা সমিতিৰ উদ্যোগত তথা অসম ফুটবল সন্থাৰ সহযোগত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ।

আজিৰ চূড়ান্ত খেলখনত দিল্লী পাব্লিক স্কুলে ফ্ৰান্সিছ আচিচি স্কুলক ২-০ গ'লত পৰাস্ত কৰে। ডি পি এছৰ হৈ দুয়োটা গ'ল দিয়ে আনিকেট সৰকাৰে। ফ্ৰান্সিছ স্কুলৰ যশো বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈ, ডি পি এছৰ আনিকেট সৰকাৰ সৰ্বাধিক গ'ল দাতা আৰু  জ্যোতিপ্ৰসাদ ৰাজবংশী শ্ৰেষ্ঠ গ'লকীপাৰ বিবেচিত হয়। 

খেলখন উদ্বোধন কৰে বিটিচিৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নে। খেলৰ শেষত বঁটাসমূহ বিতৰণ কৰে আৰ এছ এছৰ বাসুগাঁও খণ্ডৰ সংঘ চালক প্ৰৱীন কুমাৰ শৰ্মা, বাসুগাঁও কলেজৰ অধ্যক্ষ ৰনেন চন্দ্ৰ মুছাহাৰী, আহ্বায়ক সমিতিৰ সভাপতি সুভাষ লোধ ৰয় আৰু সম্পাদক ৰাকেশ দাসে।

ফুটবল প্ৰতিযোগিতা চিৰাং