/asomiyapratidin/media/media_files/2025/05/14/1rU49T47iUUm7f6zqscZ.jpg)
ডিজিটেল সংবাদ,ডুমডুমাঃ তিনিচুকীয়া জিলাত সংঘটিত হৈছে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা।অৰুণাচলৰ পৰা উদ্ধাৰ হৈছে অসমৰ ৩ গৰাকী কিশোৰী। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, এটা দালাল চক্ৰই তিনিচুকীয়া জিলাৰ তালাপ অঞ্চলৰ বজাল গাঁৱৰ ৩ গৰাকী কিশোৰীক অৰুণাচলৰ ইটানগৰত কাম দিয়াৰ প্ৰলোভনেৰে বিক্ৰী কৰি দিছিল।
দালাল চক্ৰটোৱে ৪৮ হাজাৰ টকাত কিশোৰী ৩গৰাকীক বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত তালাপ থানাৰ উপ পৰিদৰ্শক অৰ্পণা গগৈৰ নেতৃত্বত অৰুণাচলৰ পৰা উদ্ধাৰ হয় ৩ কিশোৰী। দুগৰাকীক আৰক্ষীয়ে অভিভাৱকক চমজাই দিয়ে আৰু এগৰাকীক বৰ হাপজানৰ শিশুগৃহত ৰখা হৈছে।
ইফালে ধৃত দালাল কেইটাক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। দালাল কেইটাৰ নাম অমিৰ লিম্বু ,পৰেশ তেলি আৰু অজিত কালন্দি। উল্লেখ্য যে, মানৱ সৰবৰাহত মাষ্টাৰ মাইণ্ড ৰূপে কাম কৰি আহিছে অমিৰ লিম্বুৱে।