সাৱধান! হোৱাটছএপত নপঠাব যিকোনো মেছেজ

সাৱধান! হোৱাটছএপত নপঠাব যিকোনো মেছেজ

author-image
asomiyapratidin
New Update
সাৱধান! হোৱাটছএপত নপঠাব যিকোনো মেছেজ

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা হোৱাটছএপত ভাবুকি দিয়া বা অপপ্ৰচাৰ চলোৱা কোনো মেছেজ পালে টেলিকম বিভাগৰ ওচৰত পোনপোটীয়াকৈ দাখিল কৰিব পাৰিব অভিযোগ। ১৯ ফেব্ৰুৱাৰীত টেলিকম বিভাগে এই সন্দৰ্ভত এক জাননী জাৰী কৰিছে। বিভাগৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা। কোনো উপভোক্তাই এনে মেছেজ লাভ কৰিলে মেছেজটো ষ্ক্ৰীণশ্বটসহ প্ৰেৰণ কৰাৰ নম্বৰটো এটা ইমেইলত পঠাই দিব লাগিব।

Advertisment

এনে ভাবুকিপূৰ্ণ বা উৰা বাতৰি সম্পৰ্কীয় মেছেজ হোৱাটচএপ যোগে পালে টেলিকম বিভাগলৈ এই অভিযোগ প্ৰেৰণ কৰা ই-মেইল আইডিটো হ'ল ccaddn/dot@lic.in। টুইটাৰটো এই সন্দৰ্ভত বিভাগটোৰ শীৰ্ষ সূত্ৰই টুইট কৰিছে। টেলিকম বিভাগে এই অভিযোগ সংশ্লিষ্ট টেলিকম কোম্পানী আৰু আৰক্ষীৰ দৃষ্টিগোচৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, হোৱাটছএপ যোগে বহু লোকে এনে ভাবুকি পোৱাৰ পাছত ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ টেলিকম বিভাগক অনুৰোধ কৰিছিল। তাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বিভাগটোৱে। এই সন্দৰ্ভত সাংবাদিক, ব্যৱসায়ী আদিয়ে প্ৰায়ে হোৱাটচএপ যোগে ভাবুকিপূৰ্ণ মেছেজ লাভ কৰে বুলি টেলিকম বিভাগক অৱগত কৰিছিল। ইফালে টেলিকম কোম্পানী সমূহকো এনে মেছেজ কোনো গ্ৰাহকে দিলে ব্যৱস্থা গ্ৰহণ যাতে কৰিব পাৰে সেই সন্দৰ্ভত ম'বাইল চিমৰ সংযোগ লওতেই গ্ৰাহকৰ প-পত্ৰত গ্ৰাহকৰ পৰা সন্মতি ল'বলৈ নিৰ্দেশ দিছে।