/asomiyapratidin/media/media_files/2025/05/01/dSsUgT53rBKCRuu0SgTd.jpg)
ডিজিটেল ডেস্কঃ কোভিড-১৯ মহামাৰীৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাহে হৈছিল, য়ুহানৰ পৰা নহয়। এই দাবী কৰিছে চীনে। উল্লেখ্য যে, চীনৰ য়ুহানৰ এটা লেবৰ পৰা সমগ্ৰ বিশ্বজুৰি কোৰোনা ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উঠিছিল।
আমেৰিকা চৰকাৰেও কৰা এই দাবীক প্ৰত্যুত্তৰ দি চীনে দাবী কৰিছে কোভি ভাইৰাছ য়ুহানৰ পৰা নহয়, বৰঞ্চ আমেৰিকাৰ পৰা হে সংক্ৰমিত হৈছে। তাৰোপৰি চীনে দাবী কৰি কয় যে, আমেৰিকাই কোভিড ভাইৰাছৰ উৎপত্তিক লৈ নিৰ্লজ্জভাৱে ৰাজনীতিকৰণ কৰিছে।
এক শ্বেতপত্ৰত চীনে দাবী কৰিছে “যথেষ্ট প্ৰমাণ পোৱা গৈছে যে কভিড-১৯ৰ আনুষ্ঠানিকভাৱে দাবী কৰা সময়সীমাৰ আগতেই, আৰু চীনত প্ৰাদুৰ্ভাৱতকৈ আগতেই আমেৰিকাত Covid-19 ৰ সংক্ৰমণ হৈছিল।”
বিশ্ব স্বাস্থ্য সংস্থা, চীনৰ যৌথ অধ্যয়নৰ উদ্ধৃতি দি গৱেষণা পত্ৰখনে লেবৰ পৰা এই ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা অতি কম বুলি বেইজিঙৰ যি দীৰ্ঘদিনীয়া স্থিতি আছিল তাৰ ওপৰতেই গুৰুত্ব আৰোপ কৰিছে।
বুধবাৰে প্ৰকাশ পোৱা এই শ্বেটপত্ৰখন এনে এক সময়ত প্ৰকাশ পাইছে যি সময়ত আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধই শীৰ্ষ স্থানত উপনীত হৈছে। চীনে আমেৰিকাক সমালোচনা কৰি দাবী কৰিছে যে আমেৰিকাই নিজৰ গম্ভীৰ ব্যর্থতা ঢাকিবলৈ সকলো দায় অন্যৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ জনস্বাস্থ্য নীতি সমালোচনামূলক ভাৱে পৰ্যালোচনা কৰিব লাগিব।