Advertisment

বিকল্প চিন্তা বাদ দিয়কঃ তিনি দেশক ট্ৰাম্পৰ কঠোৰ সকিয়নী...

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে ভাৰত, চীন আৰু ৰাছিয়াক কঠোৰ সকিয়নী প্ৰদান কৰিলে ডনাল্ড ট্ৰাম্পে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লৈ কেইবাখনো দেশে উমৈহতীয়াকৈ আমেৰিকান ডলাৰৰ সলনি, নতুন মুদ্ৰা প্ৰচলনৰ পোষকতা কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে ভাৰত, চীন আৰু ৰাছিয়াক কঠোৰ সকিয়নী প্ৰদান কৰিলে ডনাল্ড ট্ৰাম্পে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত অংশ লৈ কেইবাখনো দেশে উমৈহতীয়াকৈ আমেৰিকান ডলাৰৰ সলনি, নতুন মুদ্ৰা প্ৰচলনৰ পোষকতা কৰিছিল।

Advertisment

ব্ৰিকছত অন্তভূৰ্ক্ত সকলো দেশে এই প্ৰদক্ষেপক আদৰণি জনোৱা নাছিল যদিও বিকল্প মুদ্ৰা প্ৰচলনৰ পোষকতা কৰিছিল চীন, ৰাছিয়া আৰু ভাৰতে। ইয়াৰ বিপৰীতে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল দক্ষিণ আফ্ৰিকা, ইৰাণ, ইজিপ্ত, ইউওপিয়া আৰু সংযুক্ত আৰৱৰ দৰে দেশে।

ব্ৰিকছ  সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প জাঙুৰ খাই উঠে আৰু বিকল্প মুদ্ৰা প্ৰচলনৰ সিদ্ধান্তত সমৰ্থন কৰা দেশকেইখনক কঠোৰ সকিয়নী প্ৰদান কৰে। তেওঁ কয় যে, আমেৰিকান ডলাৰৰ সলনি বিকল্প মুদ্ৰা প্ৰচলনৰ চিন্তা ইয়াতে বাদ দিয়ক। যদিহে কোনোৱে এনে চিন্তা কৰে তেন্তে আমেৰিকাত তেনে দেশে ১০০শতাংশ শুল্কৰ লগতে আমেৰিকাত অৰ্থনীতিত প্ৰৱেশ কৰাৰ ৰাস্তা চিৰিদিনৰ বাবে বন্ধ হব।

 

আমেৰিকা